কোভিড-১৯ পজিটিভৰ সংখ্যা বঢ়াক লৈ সংকট! লকডাউনৰ শিথিলতাৰ নিৰ্দেশনা দেওবাৰে সংশোধিত হোৱাৰ ইংগিত মুখ্য সচিবৰ…

কোভিড-১৯ পজিটিভৰ সংখ্যা বঢ়াক লৈ সংকট! লকডাউনৰ শিথিলতাৰ নিৰ্দেশনা দেওবাৰে সংশোধিত হোৱাৰ ইংগিত মুখ্য সচিবৰ…
  • কামৰূপ (মেট্ৰ')ত লকডাউন শিথিলতাৰ সন্দৰ্ভত কিছু সালসলনি হোৱাৰ কথা টুইটাৰযোগে ঘোষণা কৰিলে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
  • দেওবাৰে পুৱা ১০ বজাৰ ভিতৰত লকডাউনৰ শিথিলতা সন্দৰ্ভত সবিশেষ জনাব মুখ্য সচিবগৰাকীয়ে।
  • পূৰ্বে ৫ জুনৰ পৰা ১২ জুনলৈ কিছু শিথিলতা দিয়া কথা ঘোষণা কৰিছিল টুইটাৰযোগে।
  • তাৰপাছত নিশা প্ৰায় ১১.২০ বজাত মুখ্য সচিবগৰাকীয়ে কামৰূপ মেট্ৰ' জিলাত দেওবাৰে পুৱা লকডাউনৰ শিথিলতাত কিছু সংশোধনী কৰাৰ সন্দৰ্ভত জানিবলৈ ৰাজ্যবাসীক অপেক্ষাৰ বাবে টুইটাৰযোগে আহ্বান জনায়।

শনিবাৰে নিশা ১১.২০ বজাত টুইটত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ফোনযোগেও লকডাউন শিথিল কৰাৰ প্ৰসংগত দিয়া নিৰ্দেশনা পুনৰ বিৱেচনা কৰি নতুনকৈ এই নিৰ্দেশনা জাৰি কৰাৰ কথা কয় অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in