হাটশিঙিমাৰীত জল জীৱন আঁচনিৰ পৰ্যালোচনা সভা…

হাটশিঙিমাৰীত জল জীৱন আঁচনিৰ পৰ্যালোচনা সভা…

ডিজিটেল সংবাদ,দক্ষিন শালমাৰা : দক্ষিন শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী স্থিত মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত জল জীৱন মিছনৰ কাম কাজক লৈ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ তত্বাৱধায়ক অভিযন্তা বি এম ৰয় মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰ্যালোচনা সভাখনত জল জীৱন মিছন আঁচনিৰ কাম কৰা জিলাখনৰ ঠিকাদাৰ সকল, এন জি অ আৰু মহকুমা জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।

এই সভাখনৰ জৰিয়তে মহকুমা খনৰ অধীনত ইতিমধ্যে চলি থকা জল জীৱন মিছন আঁচনিৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰাৰ লগতে সমগ্ৰ জিলাত মুঠ ২৫১ টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প নিৰ্মান কৰাৰ কথা উল্লেখ কৰা হয়। আনহাতে জিলা খনত ইতিমধ্যে চৰকাৰে নিৰ্মান কৰা জিলা খনৰ ১৯ খন বিশুদ্ধ খোৱা পানীৰ আঁচনিৰ প্ৰকল্প বিকল হৈ আছে।

উক্ত বিকল খোৱা পানী যোগান আঁচনিৰ প্ৰকল্প বোৰ মেৰামতি কৰি শীঘ্ৰে ৰাইজক জল জীৱন মিছন আঁচনিৰ জৰিয়তে খোৱা পানীৰ ব্যৱস্থা কৰা হব বুলি অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ তত্বাৱধায়ক অভিযন্তা বি এম ৰয় জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in