নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন…

নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন…

ডিজিটেল সংবাদ, বটদ্ৰৱা : মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰীৱ ন্যায় সন্থা, ধিং দুনীৰ্তি বিৰোধী সন্থাৰ সহযোগত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চমুৱাগাঁৱৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বৃহস্পতিবাৰে ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ এখনি অভিবৰ্তন অনুষ্ঠিত হয়।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি অভিবৰ্তনৰ মূল উদ্যোগতা যৌথ সংগ্ৰামী মঞ্চৰ সম্পাদিকা আয়েফা বেগমে, "মাইক্ৰ'ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ মাফ কৰা, তিনিখনকৈ কৃষক বিৰোধী কৃষি আইন বাতিল কৰা আৰু বিদ্যুৎ বিল ২০২০ বাতিল কৰা" এই তিনিটা দাবী উত্থাপন কৰাৰ লগতে কয় যে, "মাইক্ৰ'ফাইনেন্স ২০২০ বিধেয়ক খন হৈছে যোৱা সময়ছোৱাত মাইক্ৰ'ফাইনেন্সৰ শোষণ আৰু বঞ্চনাৰ বলি হোৱা মহিলা সকল আৰু গ্ৰামাঞ্চলত যোৱা প্ৰায় এটা বছৰে মাইক্ৰ'ফাইনেন্সৰ বিৰোদ্ধে গঢ়ি তোলা প্ৰতিৰোধ আন্দোলনৰহে ফল।

" অনুষ্ঠানত মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই, "মাইক্ৰ'ফাইনেন্সৰ অত্যাচাৰত ঘৰ এৰি পলায়ন কৰা, ঋণৰ কবলত পৰি আত্মহত্যা কৰা সকলৰ পুনৰ সংস্থাপন আৰু ক্ষতি পূৰণৰ ক্ষেত্ৰত চৰকাৰ নিমাত হোৱাৰ লগতে ২০২১-২০২২ চনৰ বিত্তীয় বৰ্ষৰ পৰা মাইক্ৰ'ফাইনেন্সৰ কোম্পানী সমূহে ঋণৰ সুদ বছৰত ১০ টকাৰ সৰ্বাধিক নোহোৱাৰ প্ৰস্তাৱ আগন্তুক বিধানসভাত গ্ৰহণ কৰাৰ লগতে তিনিখনকৈ কৃষক বিৰোধী আইন অসমত ৰূপায়ন নকৰা আৰু বিদ্যুৎ বিল ২০২০ বাতিল কৰাৰ প্ৰস্তাৱ আগন্তুক বিধানসভাত গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে।

অভিবৰ্তনত উপস্থিত থাকি কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মৃদুপবন বৰাই, বৰ্তমান কেন্দ্ৰ আৰু অসমৰ বিজেপি শাসনাধিষ্ঠিত চৰকাৰ দুখনে দেশী-বিদেশী বৃহৎ পুজিঁপতি , উদ্যোগ পতিৰ স্বাৰ্থত দেশ তথা ৰাজ্য খনক সম্পূৰ্ণৰূপে তেওঁ লোকৰ ওচৰত বন্ধকত দিয়া নীতি তথা সিদ্ধান্ত গ্ৰহণ কৰি আছে । আনহাতে চৰকাৰ গঠন কৰা মূল শক্তি দৰিদ্ৰ কৃষিজীৱি জনগণৰ পেটত গামোচা বান্ধি ডিঙিত চেপামাৰি ধৰা কাৰ্য সম্পাদন কৰিছে । ইয়াৰ বিৰুদ্ধে সৰ্বস্বৰৰ ৰাইজক ঐক্য বদ্ধ তথা সংগঠিত হৈ যুঁজ দিয়াৰ আহ্বান জনায়। অভিবৰ্তন খনিত জোনামনি বৰদলৈ, পৰী কুমাৰী বৰুৱা, মীনু দেৱী, সৰুফুল বৰাকে প্ৰমুখ্য কৰি পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in