অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শৰৎ চন্দ্ৰ ডেকাৰ পৰলোকপ্ৰাপ্তি

অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শৰৎ চন্দ্ৰ ডেকাৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ বেংবাৰী নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ ডেকাৰ বুধবাৰে পুৱা নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷ ৭৯ বছৰীয়া বেংবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৰৎ চন্দ্ৰ ডেকাই পুৱা প্ৰায় ১০ বজাত নিজ বাসগৃহত হঠাতে অসুস্থ হৈ পৰিছিল৷

১৯৪১ চনৰ ২৩ ডিচেম্বৰত হৰিশিঙা মৌজাৰ বেংবাৰীত জন্ম লাভ কৰা শৰৎ চন্দ্ৰ ডেকাই সৰুৰে পৰা বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে শিক্ষা জীৱন আৰম্ভ কৰি ১৯৬১ চনত হৰিশিঙা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ জীৱিকাৰ সন্ধানত বিভিন্ন বৃত্তি গ্ৰহণ কৰি অৱশেষত ১৯৬৬ চনত বেংবাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰি ১৬ বছৰ কাল অবৈতনিকভাৱে শিক্ষকতা কৰে। পিছত ১৯৯৮ চনত প্ৰধান শিক্ষকৰূপে শিক্ষকতা কৰি ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে৷

ইয়াৰোপৰি স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ সমাজ সংগঠনৰ কামত জড়িত হৈ পৰে ডেকা৷ সমান্তৰালভাৱে অঞ্চলটোৰ পৰা প্ৰকাশিত বিভিন্ন গ্ৰন্থ, কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থ আদিত সাম্প্ৰতিক পৰিস্থিতি আৰু জাতীয় সমস্যা প্ৰতিফলিত কৰাৰ উপৰি ঐতিহাসিক সমল সমৃদ্ধ বিভিন্ন প্ৰৱন্ধ লিখি নিজৰ সাহিত্য চৰ্চাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হয়৷

বেংবাৰী কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি তথা হৰিশিঙা সাহিত্য সভাৰ সক্ৰিয় সদস্য, প্ৰাথমিক শিক্ষা উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য শৰৎ চন্দ্ৰ ডেকাৰ মৃত্যুৰ বতৰা পোৱাৰ পিছতে তেখেতৰ বাসগৃহত ভেৰগাঁও কোচ ৰাজবংশী সন্মিলনী, হৰিশিঙা সাহিত্য সভাকে ধৰি স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ সৰবৰহী বিশিষ্ট ব্যক্তিগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ উপৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়৷ পিছত তেওঁৰ নশ্বৰ দেহ সমদল কৰি বেংবাৰী হাইস্কুললৈ নি শ্ৰদ্ধা জনায়৷ কৃতি শিক্ষকগৰাকীৰ মৃত্যুত বৃহত্তৰ বেংবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুগৰাকী জীয়ৰী-জোঁৱাই, এগৰাকী পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীসহ যথেষ্ট সংখ্যক অঙহী-বঙহী তথা গুণমুগ্ধ ৰাইজক ইহসংসাৰত এৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in