বছৰ বছৰ ধৰি পেঞ্চনৰ পৰা বঞ্চিত নাৰায়ণপুৰৰ এগৰাকী শিক্ষক…

বছৰ বছৰ ধৰি পেঞ্চনৰ পৰা বঞ্চিত নাৰায়ণপুৰৰ এগৰাকী শিক্ষক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : বিগত আঠটা বছৰে অসম চৰকাৰৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বীৰেণ শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষকে৷ এসময়ৰ যোৰহাট জিলাৰ মাজুলী মহকুমাৰ অন্তৰ্গত আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি ২০১২ চনৰ ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিছিল শিক্ষকগৰাকীয়ে৷

অৱসৰৰ পাছত বিদ্যালয় প্ৰধানৰ জৰিয়তে যোৰহাট জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শকৰ দ্বাৰা অসম পেঞ্চন সঞ্চালকালয়ক ২০১৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে জমা দিছিল ফাইল আৰু ২০১৭ চনৰ ১ এপ্ৰিল তাৰিখে পেঞ্চন সঞ্চালকালয়ে ফাইল নং ২০১৫/৮/০১৩১ ত পঞ্জীভুক্তও কৰিছিল৷ ইয়াৰ পাছতো সুদীৰ্ঘ দিন ধৰি অৱসৰী শিক্ষক বীৰেণ শৰ্মাই লাভ নকৰিলে পেঞ্চন ৷ বিগত সময়ছোৱাত পেঞ্চন সঞ্চালকায়ললৈ বহুবাৰ অহা যোৱা কৰিলে যদিও আজিকোপতি লাভ নকৰিলে পেঞ্চনৰ সুবিধা৷

শেহতীয়াকৈ পেঞ্চন সঞ্চালকালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি গুৱাহাটীস্থিত কাৰ্যালয়ত জমা দিয়া শিক্ষক বীৰেণ শৰ্মাৰ পেঞ্চন সম্পকীয় ফাইলতো হেৰাইছে৷ এই কথা জানিব পাৰি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ দৰে হৈছে৷

কাৰণ ব্যক্তিগৰাকী দীৰ্ঘদিনে উচ্চ ৰক্তচাপ,মধুমেহ আৰু স্নায়ৱিক ৰোগত আক্ৰান্ত হৈ ঘৰতে প্ৰায় শৰ্যাগত হৈ আছে ৷ তদুপৰি বৰ্ত্তমান সময়ত যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা নতুনকৈ নথি পত্ৰ যুগুত কৰাতো শিক্ষক গৰাকীৰ কাৰণে অসম্ভৱ হৈ পৰিছে৷ আনহাতে বৰ্তমান মাজুলী জিলালৈ ৰূপান্তৰ হোৱাৰ বাবে আন বহুখিনি সমস্যাই দেখা দিছে পুনৰাই নথি যুগুত কৰাৰ ক্ষেত্ৰত ৷ নাৰায়ণপুৰস্থিত বাসগৃহৰ পৰা লুইত-শোৱণশিৰিৰ কেইটাও সুঁতি পাৰ হৈ সুদীৰ্ঘ ৩৮ বছৰে মাজুলীৰ আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অঞ্চলটোত জ্ঞানৰ পোহৰ বিলোৱা বীৰেন শৰ্মা এগৰাকী সু-শিক্ষকৰূপে সমাজত পৰিচিত৷

এগৰাকী ব্যঙ্গ কবিৰূপে খ্যাত এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে শিক্ষাদান কৰা বিদ্যালয়ৰ জড়িয়তে সাময়িক পেঞ্চন লাভ কৰি আছিল যদিও ২০২০ চনৰ মে' মাহৰ পৰা সেই পেঞ্চনৰ পৰাও বঞ্চিত হ'ব লগা হ'ল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ মৰ্মে অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰীক অৱসৰগ্ৰহণৰ দিনটোতে পেঞ্চন দিৱলৈ জনোৱা অনুসৰি বৰ্তমানৰ চৰকাৰে তেনে ব্যৱস্থা কৰিবলৈ কিছু পৰিমানে সফল হ'লেও বীৰেণ শৰ্মাৰ দৰে শিক্ষকে বিগত ৮ টা বছৰে পেঞ্চনৰ বাবে সঞ্চালকালয়লৈ তাঁতবাতি কহিব লগা হোৱাটো গুৰুত্বপূৰ্ণ বিষয়৷

পেঞ্চন সঞ্চালকালয়ৰ ৰঙাফিটাৰ মেৰপেচত বীৰেণ শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী পেঞ্চনৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ থকাৰ লগতে যাৱতীয় ফাইল কাৰ্যালয় কতৃপক্ষই হেৰুৱা ঘটনাত অসুস্থ অৱস্থাতে ভাঙি পৰিছে ব্যক্তিগৰাকী ৷ চিকিৎসাৰ যাৱতীয় খৰছ ব্যয় কৰিবলৈ অপাৰগ হোৱা নাৰায়ণপুৰ এইগৰাকী ব্যক্তিয়ে প্ৰকৃততে তেখেত পেঞ্চন পোৱাৰ যোগ্য হয়নে নহয় বুলি চৰকাৰক প্ৰশ্ন কৰিছে ৷
এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিয়াগোম শিক্ষা বিভাগটোৱে এই ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিবনে ??

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in