দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা  সমাজকৰ্মী সন্তোৰাম চহৰীয়াৰ ৰাজহুৱা স্মৃতিচাৰণ সভা…

দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজকৰ্মী সন্তোৰাম চহৰীয়াৰ ৰাজহুৱা স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ মঙলদৈঃ যোৱা ৪ ডিচেম্বৰত কোভিডত  আক্ৰান্ত  হৈ মৃত্যুবৰন  কৰা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষাবিদ তথা খাৰখোৱাপাৰা গাঁৱৰ নিবাসী সন্তোৰাম চহৰীয়াৰ ৰাজহুৱা স্মৃতিচাৰণ সভা বৃহস্পতিবাৰে আবেলি মৃতকৰ নিজ গৃহত সম্পন্ন হয় ৷ খাৰখোৱাপাৰা মিলন সংঘৰ উদ্যোগত আৰু দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত  অনুষ্ঠিত সভাখন সঞ্চালনা কৰে সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই৷

নাগাৰা নামৰ শিল্পী  কবীন কলিতাই আঁতধৰা সভাখনত  প্ৰয়াত চহৰীয়াৰ স্মৃতিচাৰণ কৰে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমিনাথ  ডেকা, দেওমৰনৈ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মীনা কুমাৰী গোস্বামী, দেওমৰনৈ বি-এড মহাবিদ্যালয়ৰ অধ্যক্ষ চাৰুস্মিতা ডেকা মহন্ত, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মতিৰাম শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰনাথ শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিয়ে ৷

সভাৰ আৰম্ভণিতে  বন্তি প্ৰজ্জ্বলন কৰে খাৰখোৱাপাৰা মিলন সংঘৰ সভাপতি নিৰঞ্জন নাথে আৰু আৰু পুথি পাঠ কৰে বিনয় কাকতিয়ে। প্ৰয়াত চহৰীয়াৰ প্ৰতিকৃতিত  মাল্যাৰ্পণ কৰে তেখেতৰ সহধৰ্ম্মিণী ভৱপ্ৰিয়া চহৰীয়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in