গোলাঘাট গনকপুখুৰীত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গনকপুখুৰীত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা ভাওনা সংস্কৃতিৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ বাবে গোলাঘাট গনকপুখুৰী অঞ্চলত আয়োজন কৰা হৈছিল সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওনা পৰিৱেশনকাৰী দলে অংশ লোৱা এই প্ৰতিযোগীতাখনত কেইবাটাও নাট্য গোষ্ঠীয়ে ভাওনা প্ৰদৰ্শন কৰে। ভাওনাৰ অন্তত ঘোষণা কৰা হয় ফলাফল। এই প্ৰতিযোগিতাখনত গোলাঘাট ঢেকিয়ালস্থিত বাৰভূঞা শিল্পী সমাজে তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ লগতে দ্বিতীয় শ্ৰেষ্ঠ ভগবান-কামৰবন্ধাৰ পুলিন বৰা, শ্ৰেষ্ঠ নাৰদ-বিতোপন, দ্বিতীয় গায়ন- দুলু বৰাৰ লগতে সাজ সজ্জাৰ সন্মান বুটলিবলৈ সক্ষম হয়।

উল্লেখ্য যে গোলাঘাট জিলাৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে ভগৱান চৰিত্ৰত সন্মান বুটলিবলৈ সক্ষম হয় পুলিন বৰাই। বাৰভূঞা শিল্পী সমাজৰ হৈ সভাপতি দিব্যসাহ বৰা, ভাৰপ্ৰাপ্ত সম্পাদক হেমচন্দ্ৰ বৰা, উপ সভাপতি-বিকাশ বৰাই এই সন্মান গ্ৰহণ কৰে।

বৃহত্তৰ গণকপুখুৰী ৰাইজৰ উদ্যোগত আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছিল এই ভাওনাৰ। গণকপুখুৰীৰ মধ্য গোলাঘাট সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত আয়োজন কৰা এই প্ৰতিযোগিতাখনত জিলাখনৰ ভিতৰতে ভগৱান চৰিত্ৰত প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাত পুলিন বৰাক জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰত জড়িত বহুলোকে অভিনন্দন জ্ঞাপন কৰে।

২ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ ২০ খনকৈ ভাওনা প্ৰদৰ্শিত হৈছিল। গোলাঘাট ঢেকিয়ালস্থিত বাৰভূঞা শিল্পী সমাজে ৫ জানুৱাৰীত বিয়লি ৪ বজাত তেওঁলোকৰ নাট "সাবিত্ৰী সত্যবান" প্ৰদৰ্শন কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in