উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনিমেল কৰিড’ৰত ৰিজৰ্ট নিৰ্মাণ…

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনিমেল কৰিড’ৰত ৰিজৰ্ট নিৰ্মাণ…

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে এখন ৰিজৰ্টৰ নিৰ্মাণ কাৰ্য চলি থকা হৈছে। যি কাৰ্যই অমান্য কৰিছে উচ্চতম ন্যায়ালয়ে এনিমেল কৰিড'ৰত যিকোনো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ ৰায়ৰ। কিন্তু হালধীবাৰী এনিমেল কৰিডৰৰ অন্তৰ্গত এলেকাত নিৰ্মাণ কৰা এই ৰিজৰ্টখনৰ বাবে দায়ী কোন?

স্থানীয় প্রশাসনে এই সন্দৰ্ভত বন বিভাগৰ ওপৰত আঙুলি উঠোৱাৰ বিপৰীতে বন বিভাগে আকৌ ইয়াৰ বাবে স্থানীয় প্রশাসনৰ দোষী বুলি ক'ব খোজে। উল্লেখ্য যে, ২০১৯চনত বন্যপ্ৰাণী প্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এক আৱেদন। উচ্চতম ন্যায়ালয়ে তেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ কাষত আৰু কাৰ্বি আংলং পাৰ্বত্য ৰেঞ্জত সকলো খনন কাৰ্যকলাপসমূহ স্থগিত ৰখাৰ বাবে কৈছিল।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতো এনেদৰে ৰিজৰ্ট বা আন নিৰ্মাণ কাৰ্যসমূহ এনিমেল কৰিডৰ সমীপৱৰ্তী এলেকাত অব্যাহত আছে। এই সন্দৰ্ভত চৰকাৰ অথবা বন বিভাগে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in