#MeTooৰ প্ৰভাৱ, দেশত ভৰি থৈয়েই পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰী আকবৰৰ

#MeTooৰ প্ৰভাৱ, দেশত ভৰি থৈয়েই পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰী আকবৰৰ

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নাইজেৰিয়া ভ্ৰমণ সামৰি দেশলৈ আহিয়েই পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেওবাৰে পুৱা উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে তেওঁৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাই উত্থাপিত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে যদিও কিছু সময় পিছতে পদত্যাগ কৰাৰ কথা পোহৰলৈ আহে।

উল্লেখ্য যে, #MeToo অভিযানৰ জৰিয়তে আমেৰিকান মহিলা সাংবাদিকসহ ১০গৰাকী মহিলা সাংবাদিকে প্ৰাক্তন সংবাদিক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগ উত্থাপিত হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি আকবৰৰ পদত্যাগৰ দাবী জনাই কংগ্ৰেছসহ কেইবাটাও ৰাজনৈতিক-অৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে আকবৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগে বিজেপিৰ ভিতৰচৰাতো খলকনিৰ সৃষ্টি কৰে।

আকবৰে তেওঁৰ নাইজেৰিয়া ভ্ৰমণ আধাতে সামৰি দেশলৈ উভতি অহাৰ কথা আছিল যদিও পিছত তেওঁ সেই ভ্ৰমণ কাৰ্যসূচী সম্পূৰ্ণ কৰি দেওবাৰে উভতি আহে। দেওবাৰে উভতি আহিয়েই পদত্যাগ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়াম স্বামীয়ে।

স্বামীয়ে তদন্ত নোহোৱাকৈয়ে পদত্যাগ কৰা সিদ্ধান্তক ভুল আখ্যা দি তদন্তৰ পিছতহে সিদ্ধান্ত ল'ব লাগে বুলি মন্তব্য কৰে। বিষয়টো সংসদৰ মজিয়াতো উত্থাপনৰ দাবী জনায় জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in