অতীন দাসলৈ আগবঢ়োৱা হৈছে ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১’…

অতীন দাসলৈ আগবঢ়োৱা হৈছে ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১’…

ডিজিটেল ডেস্ক : অসম চৰকাৰে ২৬ জানুৱাৰীত প্ৰতিটো বছৰৰ দৰে এই বছৰো 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ' প্ৰদান কৰা হ'ব । এই বৰ্ষৰ 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১' আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব । অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সৌজন্যত প্ৰদান কৰা এই বঁটাত আচে এক লাখ টকা,প্ৰশস্তি পত্ৰ,স্মাৰক,অংগ বস্ত্ৰ,এখন শৰাই আৰু গামোছা ।

১৯৬২ চনত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত ষ্ট্ৰীঞ্জাৰ হিচাপে সংবাদিকতাৰ জীৱন আৰম্ভ কৰা অতীন দাসে ১৯৬৬ চনত শিলচৰৰ পৰা প্ৰকাশিত 'বৰাক ' নামৰ সপ্তাহিক কাকতখন সম্পাদনা কৰে । ১৯৭০ চনৰ পৰা ' সপ্তাহিক যুগশঙ্খ ' কাকত খনৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিবাহ কৰি ,দাসে ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ ' দৈনিক যুগশঙ্খ 'ৰ সম্পাদকৰ দায়িত্ব পালন কৰে । পিছলৈ এবছৰৰ বাবে দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত ' দৈনিক সংবাদ লহৰী ' কাকত খনৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিবাহ কৰে ।

আনহাতে দাসে মালাবাৰ হেৰল্ড,দৈনিক বসুমতী, আনন্দবাজাৰ পত্ৰিকা,আসাম এক্সপ্ৰেছ,হিন্দুস্তান ষ্টেণ্ডাৰ্ড,নৱ ভাৰত আৰু সত্য যুগৰ সংবাদদাতা হিচাপে কাৰ্যনিবাহ কৰে । ইয়াৰ লগতে আলোক, আৰুণোদয় আৰু দৈনিক গতিৰ সহযোগী সম্পাদক হিচাপেও দাসে কাম কৰে ।

এগৰাকী লেখক হিচাপেও সুনাম থকা অতীন দাসৰ ৫০ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ হৈছে । এগৰাকী জনপ্ৰিয় স্তম্ভলেখক দাসৰ লেখাই দেশৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম বুটলিবলৈ সক্ষম হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in