গনশক্তি দলৰ খেৰকটা পঞ্চায়ত সমিতিৰ  প্ৰতিনিধি সভা…

গনশক্তি দলৰ খেৰকটা পঞ্চায়ত সমিতিৰ  প্ৰতিনিধি সভা…

ডিজিটেল সংবাদ ঢকুৱাখনা:  আঞ্চলিক দল সন্মিলিত গণ শক্তি অসম আৰু মিচিং জাতিয় সংগঠনৰ নেতৃত্বত এখন আধুনিক প্ৰগতিশীল আৰু সাৰ্বজনীন ঢকুৱাখনা নিৰ্মাণৰ স্বাৰ্থতে দুৰ্নীতি ভ্ৰূষ্টাচাৰৰ নায়ক ভৰত নৰহৰ অপশাসন উফৰাই ঢকুৱাখনাত নৱ দলেক বিধায়কৰ আসনত অধিষ্ঠিত কৰা হৈছিল। যি সৰ্বাংগীন উদ্দেশ্য লৈ নৱ দলেক বেপাৰৰ পৰা আনি বিধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছিল সেয়া সুচাৰুৰূপে পালনত চূড়ান্ত ভাবে ব্যৰ্থতা প্রদর্শন কৰিলে নৱ দলেই ।

জাত পাতৰ নিকৃষ্ট ৰাজনীতি কৰি, ক্ষমতাৰ অপপ্ৰয়োগ কৰি,  চৰকাৰী আঁচনিৰ নামত দুৰ্নীতি অনিয়ম ভ্ৰূষ্টাচাৰৰ বেহা মেলি, নৱ প্ৰজন্মক উশৃংখল কৰি স্বেচ্ছাচাৰী শাসনৰ হে পাতনি মেলিলে । সন্মিলিত গনশক্তি অসমে এনে স্বেচ্ছাচাৰী ৰাজৰ পক্ষত কোনোদিন নাথাকে ।

গনশক্তি দলে সম অধিকাৰ, সম মৰ্যদা আৰু সম বিকাশৰ লক্ষ্য উদ্দেশ্য আগত লৈ মূল্যবোধৰ ৰাজনীতি কৰি যাব ।  সকলো জাতি জনগোষ্ঠীৰ, ভাষা সংস্কৃতিৰ আন্তৰিক সমন্বয়ৰ মাজেদি এখন  প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ সংকল্প গ্ৰহণেৰে গনশক্তি দলে আগন্তুক দিনত নিজস্ব ৰাজনৈতিক যাত্ৰা পথত অগ্ৰসৰ হ'ব।

এইক্ষেত্ৰত  ঢকুৱাখনা ব্লক সমিতিৰ অন্তৰ্গত খেৰকটা পঞ্চায়ত সমিতিৰ কৰণীয় অধিক ।  শনিবাৰে ঢকুৱাখনা মহকুমাৰ খেৰকটা পঞ্চায়ত সমিতিৰ এখন দলীয় প্ৰতিনিধিত্ব মূলক সভাত এই মন্তব্য কৰে  সন্মিলিত গনশক্তি অসম দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু খনিকৰে । খেৰকটাৰ বগৰিগুৰি ৰংগ মঞ্চত অনুষ্ঠিত প্ৰতিনিধিত্ব মূলক সভাত  সভাপতিত্ব কৰে খেৰকটা  পঞ্চায়ত গনশক্তি  দলৰ সভাপতি সুনীল দলে , নাৰী শক্তিৰ সভানেত্ৰী নিৰদা দলে , কৃষক শক্তিৰ সভাপতি অমিয় দলে আৰু শ্ৰমিক শক্তিৰ সভাপতি বলীন পেগুৱে ।

জনাকীৰ্ণ  সভাত  গনশক্তি দলৰ বিষয় ববীয়া তথা ঢকুৱাখনা জিলা পৰিষদ সদস্য  ইন্দ্ৰ কুমাৰ চুংক্ৰাং , পূৰ্ণ কান্ত দলে আদিয়ে বক্তব্য ৰাখি সাংগঠনিক পৰামৰ্শ  আগবঢ়াই। ব্লক গনশক্তিৰ নেতা লক্ষ্য নাথ দলেয়ে ৰাজনৈতিক ক্ষমতাৰ অপ ব্যৱহাৰ কৰি  বিধায়ক নৱ দলেয়ে ঢকুৱাখনাত  সৃষ্টি কৰা অৰুনোদয়, স্বয়ম আদি  আঁচনিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল নহয় আৰু দৰিদ্ৰতা নিৰ্মূল নহয় বুলি কৈ  গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ জীৱন জীৱিকা মূলক কৰ্ম আঁচনিত  হাতে কামে প্ৰতি গৰাকী নাগৰিক ব্ৰতী হবই লাগিব বুলি মন্তব্য কৰে। 

জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ নাথুৰাম  পেগু , খনিন্দ্ৰ মেদক , দ্বীপেন দলে ,টি এম পি কেৰ কেন্দ্ৰীয় নেতা যতীন পেগু , ৰাজীৱ দলে আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ উপস্থিত থকা সভাতেই বিজেপি দলৰ নবীন দলে , অজয় পেগু , শৰত সিং দলে , দুলেন পেগু , শিৱ নাথ পেগু , চিত্ৰ কুটুম , সত্য নাথ লাগাচু , লিজা দলে , জোনালী লাগাচু , ৰেখা মনি লাগাচু , স্নেহা কুটুম ,নিৰয় পাতিৰ , শিল কলা মালা , দেউৰাম পাতিৰ , মংগলা পাতিৰ , নৱ কুমাৰ পাতিৰ , ৰাজা কুটুম ,কুশল কুটুম ,পাপু কুটুম ,ৰাজেশ দলে ,বনিতা দলে ,দুলেশ্বৰ দলে ,বাবা পেগু , ৰেখা কুম্বাং , হৰিনাথ কুটুম , বৈজয়ন্তি দলে ,বিনীতা দলে ,ভবেশ দলে  আৰু কংগ্ৰেছ দলৰ কনক পাতিৰ ,নৰেশ্বৰ পাতিৰ ,ৰাকেশ চাৰহ ,ডিম্বেশ্বৰ কুটুম ,তুলন দলে , ৰবীন দলে , ভূপেন পেগু , জুনু মণি দলে , শিৱ পাতিৰ ,হৰি নাথ কুটুমকে ধৰি ৪০ গৰাকী ব্যক্তিয়ে আনুষ্ঠানিক ভাৱে গনশক্তি দলত যোগদান কৰে । 

নবাগত সকলক গনশক্তি দলৰ বিষয় ববীয়াই গামোচা পিন্ধাই আদৰণি জনাই। ইপিনে প্ৰতিনিধিত্ব মূলক সভাত  আটাইকেইখন পঞ্চায়ত সমিতি পুনৰ গঠন কৰা হয়।  সুশীল দলেক সভাপতি , নয়ন পাতিৰক সম্পাদক হিচাবে লৈ এখন  ৯২ জনীয়া গনশক্তি সমিতি , নাৰী শক্তিৰ ৰিমঝিম দলেক সভানেত্ৰী হিচাবে,  মনিশা পাতিৰক সম্পাদিকা হিচাবে লৈ ৫১ জনীয়া সমিতি , কৃষক শক্তিৰ বলীন পেগুক সভাপতি আৰু মুলান লাগাচুক  সম্পাদক হিচাবে লৈ ৩১ জনীয়া , শ্ৰমিক শক্তিৰ সভাপতি  হিচাবে অমিয় দলে আৰু মিনুছ দলেক সম্পাদক হিচাবে লৈ ৩১ জনীয়া পঞ্চায়ত সমিতি সমূহ  গঠন কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in