মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তী…

মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তী…

এসময়ত দেশৰ ভিতৰতে বিখ্যাত আছিল নগাঁও কাগজ কলৰ কাগজ। কলটোৰ কাগজৰ আছিল বিশেষ চাহিদা। আজি সোণালী জয়ন্তিত ভৰি দিলে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ কলটোৱে। আজি তাত নিমাওমাও পৰিৱেশ। কাৰোৰে মনত নাই পূৰ্বৰ আনন্দ। নাই সোণালী জয়ন্তীৰ ব্যস্ততা। এই সন্দৰ্ভত পলাশ জ্যোতি গগৈৰ এক প্ৰতিবেদন।

নগাঁও কাগজ কল যদি চলি থাকিল হেতেন, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আজি জাগীৰোডত উবুৰি খাই পৰিল হেতেন। ব্যয় বহুলভাৱে তাত উদযাপন কৰা হ'ল হেতেন সোণালী জয়ন্তী। কৰ্মচাৰীসকলেও কৰিলেহেতেন আনন্দ। উৎসৱ উদযাপনৰ নামত ঠিকাদাৰসকলেও লুটিলেহেতেন ধন।

এনেদৰেই ঠিকাদাৰ আৰু বিষয়াৰ লুটপাতৰ পৰিণতিতে কাগজ কলে সোণালী জয়ন্তী পাতিব নোৱাৰিলে। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ পূৰ্বেই মৃত্যু হ'ল কাগজ কলৰ। কাগজ কলৰ মৃত্যুৰ কাৰ ৰোষত হ'ল আৰু কিয় হ'ল সেই কথা প্ৰতিজন লোকেই জ্ঞাত। কংগ্ৰেছ চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কাগজ কলটো বন্ধ হৈছিল।

বৰ্তমান ক্ষমতাত থকা বিজেপি চৰকাৰৰো প্ৰথমটো ঘোষণাই আছিল কাগজ কলক কাৰ্যক্ষম কৰা। সেয়া ৪ বছৰৰ আগৰ কথা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তিলতিলকৈ মৃত্যুৰ ক্ষণ গণি থকা কাগজ কলত উপস্থিত হৈ কাগজ কলটোত অধিক পুঁজি যোগান ধৰাৰ কথা কৈছিল। কাগজ কলটোৰ উৎপাদন বৃদ্ধি কৰাৰ কথাও কৈছিল মন্ত্ৰীগৰাকীয়ে। সেই দিনলৈকে কাগজ কলটো চলিয়েই আছিল। মন্ত্ৰীয়ে ঘোষণা কৰি অহাৰ ৩ দিনৰ পিছতে বন্ধ হৈ গৈছিল নগাঁও কাগজ কল।

কাগজ কলটো অধিক উৎপাদনক্ষম কৰি তোলাৰ কথা কোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে এতিয়া পানীৰ দৰত কাগজ কলটোৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবেহে তৎপৰ হৈছে। উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত থমকি ৰ'বলগীয়া হৈছে তেওঁলোক। যদিও কাগজ কলৰ কৰ্মচাৰী আৰু নিথৰুৱা হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ লোকৰ চকুপানীয়ে চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে নেতাৰ হৃদয় গলাব পৰা নাই।

আজি পুনৰ কান্দিছে কাগজ কলৰে জড়িত প্ৰতিজন লোকে। কান্দিছে কাৰণ যি পৰিৱৰ্তন বিচাৰি তেওঁলোকে বিজেপি চৰকাৰক ভোট দিছিল সেই বিজেপিয়ে আজি তেওঁলোকৰ দুখ-বেদনা দেখিও নেদেখাৰ ভাও জুৰি পিচফালে বহি আছে। জাগীৰোড সমষ্টিৰে এগৰাকী মন্ত্ৰী আজি কোৰোনা আক্ৰান্তৰ পাছে পাছে ঘূৰিছে। অথচ তেওঁৰ নিজা সমষ্টিতে সন্তানক ভাত খোৱাবলৈ নাপায় আত্মহত্যা কৰা বা ৰোগাক্ৰান্ত হৈ মৃত্যু মুখত পৰা অথবা আধাতে অধ্যয়ন সামৰি মৃত্যুৰ মুখত পৰা, আনৰ ঘৰত কাম কৰি ভাত মোকলোৱা লোকৰ মুখলৈ চোৱাৰ সময় নাই।

১৯৭৯চনত এই কাগজ কলটো স্থাপন কৰা হৈছিল। বৃহস্পতিবাৰে ৫০ বছৰ অতিক্ৰম কৰিলে নগাঁও কাগজ কলে। তেতিয়া এই কাগজ কলটো স্থাপনত ব্যয় হৈছিল প্ৰায় ৪০০ কোটি টকা। নগাঁও কাগজ কলৰ কাগজৰ আছিল বিশেষ চাহিদা। বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও এই প্ৰতিবাদলৈ পিঠি দি কাগজ কল দুটা বিক্ৰী কৰিবলৈহে চৰকাৰ সাজু হৈছে। আৰু এই খবৰ পোৱাৰ পাছতে হাহাকাৰ লাগিছে কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজত।

চৰকাৰৰ অমনোযোগিতাৰ বাবেই হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ ভিতৰচৰাত এতিয়া মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰিছে। ২০১৬চনৰ পৰাই বন্ধ হৈ আছে এই কাগজ কল দুটা। বিনা দৰমহাই আলৈ আথানি হৈ অৰ্ধ শতাধিক কৰ্মচাৰীয়ে মৃত্যুক আকোৱালি লবলগীয়া হৈছে। পূৰ্বতে নগাঁও কাগজ কলত ২২০০ স্থায়ী কৰ্মচাৰী আৰু প্ৰায় ৬০০০-৭০০০ কেজুৱেল কৰ্মচাৰী আছিল।

অন্তিম বাৰৰ বাবে নগাঁও কাগজ কলটোত উৎপাদন কৰা হৈছিল ২৭৬ মেট্ৰিক টন কাগজ। এসময়ত সুচাৰুৰূপে চলি থকা এই কাগজ কলৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ কাগজ ৰপ্তানি হৈছিল। ২০০৪-২০০৫চনত এই কাগজ কলটোৰ উৎপাদন আছিল ১,০৬,৩০০ মেট্ৰিক টন কাগজ। ২০০৫-২০০৬চনত সেই উৎপাদন আছিল ১,০৬,৪৩৬ মেট্ৰিক টন কাগজ। ২০০৯চনলৈকে নগাঁও কাগজ কলৰ উৎপাদনৰ পৰিমাণ আছিল ১,১০,০০৮ মেট্ৰিক টন।

ৰহস্যজনক কাৰণত লোকচানৰ সন্মুখীন হোৱা এই কাগজ কলটো কেঁচা সামগ্ৰীৰ অভাৱৰ বাবে বন্ধ কৰা বুলি কৰ্তৃপক্ষই জনাইছিল যদিও কাগজকলটোৰ পৰিচালনাত সংঘটিত হৈছিল যথেষ্ট অনিয়ম। তাৰ পৰিণাম এতিয়া ভোগ কৰিছে কাগজ কলটোত কৰ্মৰত কৰ্মচাৰীসকলে। কাগজ কলটোৰ কোটি টকাৰ যন্ত্ৰপাতি নষ্ট হোৱাৰ লগতে চুৰি হৈছে বহু মূল্যবান যন্ত্ৰাংশ।

কাগজ কলটোত আছে ১৭৭৮ বিঘা মাটি। সেই সময়ত প্ৰতি বিঘা মাটিৰ মূল্য আছিল ২২হাজাৰ টকা। কিন্তু বৰ্তমান প্ৰতি কঠা মাটিৰ মূল্য হৈছেগৈ কেবা লাখ। কাগজ কলৰ কৰ্মচাৰীসকলকো বহুবাৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাগজ কলৰ সোণালী জয়ন্তী উদযাপন কৰাৰ পৰিৱৰ্তে এতিয়া পানীত হাঁহ নচৰা হৈছে কৰ্মচাৰীৰ। এসাঁজ ভাতৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ক্ষমতালোভী নেতা-মন্ত্ৰীয়ে আতৰৰ পৰা দৰমহাহীন কাগজ কলৰ কৰ্মচাৰীৰ দুৰ্দশাৰ জীয়া ছবি চাই ৰৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in