প্ৰথমে সাংবাদিকক লক্ষ্য কৰি গুলীচালনা, তাৰপিছত লুটি নিলে বাইক, ম’বাইল, নগদ ধন…

প্ৰথমে সাংবাদিকক লক্ষ্য কৰি গুলীচালনা, তাৰপিছত লুটি নিলে বাইক, ম’বাইল, নগদ ধন…

ডিজিটেল ডেস্কঃ দিল্লীত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা। এজন সাংবাদিকক গুলীয়াই দুৰ্বৃত্তই কাঢ়ি নিলে মটৰ চাইকেল, ম'বাইল আৰু নগদধন। দৰাচলতে, শুকুৰবাৰে সাংবাদিকগৰাকীক আজি পুৱা ভাগত বাইকেৰে কৰ্মসূত্ৰে গৈ থকা সময়তে আউৰাইত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

গুলীবিদ্ধ সাংবাদিকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰপাছত দুৰ্ধৰ্ষ দুৰ্বৃত্তই সাংবাদিকগৰাকীৰ মটৰ চাইকেল, ম'বাইল, নগদ ধন লুটি লৈ যায়। ইফালে, ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত সাংবাদিকগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও, বৰ্তমান পৰ্যন্ত আটক হোৱা নাই দুৰ্বৃত্তটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in