ৰাজ্যৰ ২০গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন

ৰাজ্যৰ ২০গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন

ডিজিটেল ডেস্কঃ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত ২০১৮-১৯ বৰ্ষৰ বাবে ২০গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকৰ নাম সাংবাদিক পেঞ্চনৰ বাবে ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰা এক অধিসূচনা মতে, এই পেঞ্চন লাভ কৰা সাংবাদিকসকল ক্ৰমে- ৰীণা চৌধুৰী (কামৰূপ মহানগৰ), ৰূপহ চলিহা (তিনিচুকীয়া), নগেন বৰা(কাৰ্বি আংলং), অমিতাভ বৰুৱা(বিশ্বনাথ), বিনয়ভূষণ চৌধুৰী (কোকৰঝাৰ), হাৰনুল ৰচিদ (উত্তৰ লখিমপুৰ), প্ৰদীপ দত্ত(শিৱসাগৰ), মনোৰম বৰুৱা(যোৰহাট), নাউ দত্ত তালুকদাৰ(নলবাৰী), মৃণাল মল্ল পাটোৱাৰী(বৰপেটা), জ্যোতিৰিন্দ্ৰ লাল গোস্বামী(কৰিমগঞ্জ), ধনী বৰা(কামৰূপ মহানগৰ), উপেন চন্দ্ৰ ডেকা(মৰিগাঁও), অৰুণ লোচন দাস(কামৰূপ মহানগৰ), প্ৰফুল্ল কুমাৰ শৰ্মা(ডিব্ৰুগড়), হেমন্ত বৰ্মন(কামৰূপ মহানগৰ), পাৰ্থপ্ৰতীম বৰুৱা(কামৰূপ মহানগৰ), বেদব্ৰত লহকৰ(কামৰূপ মহানগৰ) আৰু মুকুল কলিতা(কামৰূপ মহানগৰ)।

এই আঁচনিৰ অধীনত সাংবাদিকসকলে প্ৰতিমাহে ৮হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। ৰাজ্য চৰকাৰে ২০১৭-১৮বৰ্ষৰ পৰা সাংবাদিক পেঞ্চন আঁচনিখন ৰূপায়ণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in