ৰহস্যজনকভাৱে সন্ধানহীন পৰিৱেশ সংৰক্ষণৰ হকে যুঁজ দিয়া সাংবাদিক, নুমলীগড়ত চাঞ্চল্য

ৰহস্যজনকভাৱে সন্ধানহীন পৰিৱেশ সংৰক্ষণৰ হকে যুঁজ দিয়া সাংবাদিক, নুমলীগড়ত চাঞ্চল্য

ডিজিটেল সংবাদ, নুমলীগড়ঃ বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে এটা বৈদ্যুতিন সংবাদ মাধ্যমত কৰ্মৰত নুমলীগড়ৰ এজন সাংবাদিক। জানিব পৰা মতে, বৃহস্পতিবাৰৰ দিনৰ ১ বজাত ঘৰৰ পৰা কৰ্মসূত্ৰে এএছ০৫-জে-৩১১৭ নম্বৰৰ নিজা কুইট বাহনেৰে ওলাই যোৱা সাংবাদিকগৰাকী নুমলীগড়ৰ লৱনঘাটৰ অঞ্চলৰ পৰা সন্ধানহীন হৈ আছে। উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে গোলাঘাটৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিছে সাংবাদিকগৰাকীৰ পৰিয়ালে।

গোলাঘাট আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্তত সন্ধানহীন সাংবাদিক গৰাকীৰ মোবাইলৰ ভিত্তিত যোৰহাটৰ কেন্দুগুৰিত থকা বুলি তথ্য লাভ কৰিছে। কিন্তু কি পৰিস্থিতিত কেন্দুগুৰি পালেগৈ সেই বিষয়ে আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব। উল্লেখ্য যে, তেওঁ নুমলীগড় শোধনাগাৰে এলিফেন্ট কৰিড'ৰ বন্ধ কৰি অবৈধভাৱে নিৰ্মাণ কৰা পকী দেৱাল ভাঙি পেলোৱাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

নুমলীগড় তেল শোধনাগাৰক লৈ গঢ়ি উঠা খাৰুৱাতেলৰ চোৰাং বেহাৰ বিৰুদ্ধেও যুঁজ দি আহিছে এইজন সাংবাদিক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ দাঁতিকাষৰীয়া ঠাইসমূহত হস্তী দাণ্ডি বন্ধ কৰি দুষ্কৃতিকাৰীয়ে স্থাপন কৰা শিলৰ কুঁৱেৰীৰ বিৰুদ্ধে বহু সময়ত থিয় দি আহিছে সন্ধানহীন সাংবাদিকজনে। কাজিৰঙাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দি অহা সাংবাদিকজন এনেধৰণেৰে সন্ধানহীন হৈ থকা খবৰে চিন্তাত পেলাইছে সচেতন মহলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in