অসমীয়া প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি নাথক আৰোহণ সাংবাদিকতা বঁটা প্ৰদান…

অসমীয়া প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি নাথক আৰোহণ সাংবাদিকতা বঁটা প্ৰদান…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক গাৰ্ম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অসমৰ অন্যতম সাহিত্য, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান আৰোহণ আৰ্টীষ্ট গীল্ডে অসমীয়া প্ৰতিদিনৰ তেজপুৰৰ ষ্টাফ ৰিৰ্পটাৰ দিব্যজ্যোতি নাথক অনুসন্ধানমুলক সাংবাদিকতাৰ বাবে ২০১৮-১৯ বৰ্ষৰ অসমৰ শ্ৰেষ্ঠ সাংবাদিক হিচাপে আৰোহন মিডিয়া বঁটা প্ৰদান কৰে ।

অসমৰ বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত  আৰোহণ আৰ্টীষ্ট গীল্ডে সাংবাদিক দিব্যজ্যোতি নাথলৈ আৰোহন মিডিয়া বটাৰ লগত সৰ্ম্বধনা পত্ৰ, স্মাৰক, বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ ৰচিত ৰচনাৱলী, জাপি, পাটৰ চেলেং আৰু ফুলাম গামোচাৰে সৰ্ম্বধনা জনায় ।

উল্লেখ্য যে আৰোহণ আৰ্টীষ্ট গীল্ডে ১৯ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বঁটা প্ৰদান আৰু বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সভাপতি পংকজ কুমাৰ নাথে। সমাৰোহৰ উদ্বোধন কৰি দিয়া ভাষন প্ৰসংগত নাথে কয় বটা প্ৰদানে প্ৰতি গৰাকি ব্যক্তিকে অধিক দায়িত্বশীল কৰি তোলে।

গুৱাহাটী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আবেলি ৩ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত সাংবাদিক দিব্যজ্যোতি নাথৰ লগতে সাংবাদিক নৰেশ কলিতাকো আৰোহন মিডিয়া বটা প্ৰদান কৰে । অনুষ্ঠানত কামৰূপী লোকগীত, হোলী গীত, বিহু নৃত্যৰ উপৰি তেজপুৰৰ সাংস্কৃতিক দলেও নৃত্য প্ৰৰ্দশন কৰে ।  বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰীয়ে নিজা ভাষণত কয় সাংবাদিক সকলে বহু প্ৰত্যাহ্বানৰ মাজেৰে সাংবাদিকতা কৰে আৰু যেতিয়া সাংবাদিক সকললৈ বঁটা আগবঢ়াই তেতিয়া অতি গৰ্ব অনুভৱ কৰো ।

জিলা পুথিভড়ালত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে আৰোহন আৰ্টীষ্ট গীল্ডৰ সভাপতি দিলীপ নাথে । উল্লেখ্য যে আজি গীল্ডে সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অৰিহনা আগবঢ়াই অহা কেইবাজনো বিশিষ্ট ব্যক্তিক বটা প্ৰদান কৰে । অনুষ্ঠানত মণিপুৰী সাহিত্য পৰিষদৰ সভাপতিকে ধৰি বহু কেই গৰাকি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in