ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ! ৰাস উৎযাপন সমিতিয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ! ৰাস উৎযাপন সমিতিয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক

ডিজিটেল সংবাদ, ওৰাংঃ অবৈধ জুৱা খেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই এইবাৰ ৰাস উদযাপন সমিতিৰ ৰোষত পৰিল সাংবাদিক। অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ লুলুকাইত আৰক্ষীক 'মেনেজ' কৰি ৰাসৰ নামত অবৈধ জুৱাৰ বেহা মেলিছিল ৰাস উদযাপন সমিতিয়ে। এই খবৰ লাভ কৰি অবৈধ জুৱাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক আক্ৰমণ কৰে উদযাপন সমিতিয়ে। ৰাস উদযাপন সমিতিৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা সাংবাদিক গৰাকী 'দ্য চেন্টিনেল'ৰ স্থানীয় সংবাদদাতা আজিজুৰ ৰহমান।

উল্লেখ্য যে, ঢেকীয়াজুলিৰ লুলুকাই পিৰাকাটাত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল ৰাস মহোৎসৱৰ। কিন্তু ৰাসৰ মাজতে উদযাপন সমিতিক মেনেজ কৰি বহিল অবৈধ জুৱা খেল। সাংস্কৃতিক সন্ধিয়াৰ নৃত্য প্ৰতিযোগিতা চলি থকাৰ সময়ত দেখা গ'ল জুৱাৰ অবৈধ ঘাটি। ৰাস উদযাপন স্থলীৰ কাষতে অবৈধ জুৱা খেল চলি থকাৰ বিষয়ে জানিব পাৰি ঢেকীয়াজুলিৰ সাংবাদিক আজিজুৰ ৰহমান উপস্থিত হৈছিল ৰাসস্থলীত।

অবৈধ জুৱাৰ ভিডিঅ' ফুটেজ লৈ থকাৰ পাছতে ৰাস উদযাপন সমিতিয়ে দেখা পাই সাংবাদিকজনক কাৰ্যালয়লৈ মাতি নিয়ে আৰু টকাৰ প্ৰলোভন দিয়ে। কিন্তু কৰ্তব্যত নিজৰ স্থিতিত অটল থকা সাংবাদিকজনে কমিটীৰ প্ৰস্তাৱ মানি নোলোৱাত সাংবাদিকজনক আক্ৰমণ কৰে। প্ৰাণে মৰাৰো চেষ্টা চলাইছিল একাংশ জুৱাৰীয়ে।

ঘটনা বিষম দেখি প্ৰাণৰ ভয়ত কোনোমতে ধাননি পথাৰৰ কাষত লুকাই আৰক্ষী আৰু সতীৰ্থ সাংবাদিকক ফোন কৰে সাংবাদিকগৰাকীয়ে। কিন্তু ঢেকীয়াজুলি আৰক্ষীক ফোন কৰাৰ পাছতো সাংবাদিকগৰাকীক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত নহ'ল আৰক্ষীৰ লোক। যাৰ বাবে পৰিয়াল আৰু সতীৰ্থ সাংবাদিকৰ সহায়ত ৰাস সমিতিৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিকজনক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়।

উল্লেখযোগ্য যে, জুৱাৰীক জুৱা খেল অনুষ্ঠিত কৰাৰ বাবে মিলন সংঘ ৰাস উদযাপন কমিটীয়ে পোহৰৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী সাংবাদিকজনে ঢেকীয়াজুলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
ইফালে সাংবাদিক নিগ্ৰহৰ এনে ঘটনা সন্দৰ্ভত আমছুৰ শোণিতপুৰ জিলা সমিতিৰ ৰহমত আনচাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ঢেকীয়াজুলিত বিগত সময়ত অবৈধ মদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাই আহিছে। যাৰ বাবে সাংবাদিকজনে সংঘটিত ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিব যোৱাৰ পাছত আক্ৰমণৰ বলি হ'ব লগা হয়।

অতিশীঘ্রে দোষীক উপযুক্ত শাস্তিৰ দাবীৰে অবৈধ এনে কাৰ্যকলাপৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ শোণিতপুৰ আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপ বিচাৰে। লক্ষ্যণীয়ভাৱে ঢেকীয়াজুলিত এনে অসামাজিক কাৰ্যকলাপবোৰ বন্ধ কৰাত ব্যৰ্থ হৈছে ঢেকীয়াজুলি আৰক্ষী তথা জিলা প্ৰশাসন। বিগত সময়ত এই ৰাস উদযাপন সমিতিয়ে কোনোধৰণৰ জুৱা খেলৰ আয়োজন নকৰে বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কি কাৰণে পুনৰ অবৈধ জুৱা খেল বহাত সহায় কৰিলে আৰক্ষীয়ে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। নে ঢেকীয়াজুলি আৰক্ষীৰ ৰক্ষনা বেক্ষণতে অনুষ্ঠিত কৰিছিল এনে অবৈধ জুৱাৰ সেয়াও এক ৰহস্য হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in