মিঞা সংগ্ৰহালয় সন্দৰ্ভত কমিটিয়ে দিয়া ৰিপৰ্ট আলমাৰিতে পৰি থাকিব : হিমন্ত বিশ্ব শৰ্মা

মিঞা সংগ্ৰহালয় সন্দৰ্ভত কমিটিয়ে দিয়া ৰিপৰ্ট আলমাৰিতে পৰি থাকিব : হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক : মিঞা সংগ্ৰহালয় সন্দৰ্ভত ৰাজ্যুৰি প্ৰতিক্ৰিয়া অব্যহাত আছে । উগ্ৰতৰা দেৱালয়ত দশমীৰ সেৱা কৰিব গৈ মিঞা সংগ্ৰহালয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গুৰুজনাৰ যি আদৰ্শৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেৈত্ৰ স্থাপন হৈছিল । ভক্তিভাবেৰে সেই আদৰ্শ অক্ষুন্ন ৰাখিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইপিনে বিত্ত শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মন্ত্ৰী গৰাকীয়ে কয় এই বিষয়ত মই একেবাৰে স্পষ্টকৈ কৈছো শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰনতে মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহয় । যি কমিটিয়ে এই প্ৰস্তাৱ দিছে সেই ৰিপোৰ্ট আলমাৰীত কাগজ হিচাপে পৰি থাকিব । যেতিয়ালৈকে অসমত অসমীয়া মানুহ যেতিয়ালৈকে আছে তেতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম হ'ব নোৱাৰে ।

গুৰুজনাৰ সৃষ্টি কৃষ্টিৰ আওতাৰ বাহিৰৰ কোনো বিষয়েই কলাক্ষেত্ৰত স্থান পোৱা উচিত নহয় বুলি উল্লেখ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয় কংগ্ৰেচ দলৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰাহালয় সন্দৰ্ভত প্ৰস্থাৱ আগবঢ়াই যি খিনি কথা কৈছে তীব্ৰ গৰিহনা দিছো । এই ক্ষেত্ৰত ডিপাৰ্টমেন্টৰ যি ষ্টেণ্ডিং কমিটিত যদি তেনে কথা কিবা আলোচনা হৈছে তেনেহ'লে সেই সভাত মই নাই । অসম বিধানসভাৰ যি কেইখন কমিটিত মই সদস্য আছো সেই কেইখনত মই যোৱা কিছুদিন ধৰি উপস্থিত থাকিব পৰা নাই । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৰুজনাৰ সৃষ্টি ৰাজিৰ ব্যৱস্থা চৰকাৰে কৰিব । ইয়াৰ আওতাৰ বাহিৰত থকা মিঞা সংগ্ৰহালয় হওক বা আন কিবা প্ৰস্তাৱ দিয়াটো উচিত নহয় ।

বিধায়ক গৰাকীয়ে লগতে কয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়া জাতিৰ বৰঘৰ । এই বৰঘৰত মিঞা সংগ্ৰহালয় স্থাপিত কৰাৰ বাবে, কোনোৱাই বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পাতিবৰ কাৰনে, বা কলাক্ষেত্ৰত আক্ৰমণ কৰিবৰ বাবে যিবোৰ পৰিকল্পিত ভাবে কাম হৈ আছে ইয়াত আমি সকলো সজাগ হবলৈ হ'ল ।

সকলো জাতীয় সংগঠনে েই ক্ষেত্ৰত মাত মতা উচিত । আমাৰ জাতিটোক আক্ৰমন কৰিবলৈ পৰিকল্পিত ভাবে এটা শক্তিয়ে পৰিকল্পনা কৰি আহিছে বুলি মন্তব্য কৰে হাজৰিকাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in