পুনৰ প্ৰকাশ পালে ‘কলংপাৰ’

পুনৰ প্ৰকাশ পালে ‘কলংপাৰ’

ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁৱৰ পৰা প্ৰকাশিত 'কলংপাৰ' সাপ্তাহিক কাকতখন আজিৰ পৰা পুনৰ প্ৰকাশ পাইছে। আজি নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাসে।

শিক্ষাবিদ যুক্তিনাথ খাওন্দৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সাংবাদিকসকলক সমাজৰ স্বাৰ্থত সেৱা আগবঢ়াবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত কাকতখনৰ মুখ্য সম্পাদক ড০ আবু হানিফা, শিক্ষাবিদ মুকুল শইকীয়া, গবেষক ড০ নৰেন কলিতা, জ্যোৰ্তিময় চক্ৰৱৰ্তী, জ্যোৰ্তিময় জানা, জ্যোতি বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৯৯ চনৰ পৰা নগাঁৱৰ পৰা প্ৰকাশিত কাকতখনৰ সম্পাদক বলেন বৰাৰ অকাল মৃত্যু হোৱাত কাকতখন প্ৰায় ৯মাহ বন্ধ হৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in