শেহতীয়া খবৰ
কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...

অসমত জিঅ’ৰ আধিপত্য! ৰাজহৰ ক্ষেত্ৰত সকলোকে চেৰাই শীৰ্ষত জিঅ’…

575

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো জিঅ’ৰ আধিপত্য। শেহতীয়াকৈ TRAIয়ে প্ৰকাশ কৰা এক তথ্যনুসৰি চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাহীত অসমত জিঅ’ৰ ৰাজহৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। টেলিকম ক্ষেত্ৰখনত ২০১৯ৰ ছেপ্তেম্বৰৰ লৈকে দ্বিতীয়টো ত্ৰিমাহীত জিঅ’ৰ পৰা অসমে প্ৰায় ৪২.৩ শতাংশ ৰাজহ সংগ্ৰহ কৰিছে। উল্লেখ্য যে, প্ৰথমটো ত্ৰিমাহীত ইয়াৰ পৰিমাণ আছিল ৪২ শতাংশ।

অসমৰ ৰাজহৰ ক্ষেত্ৰত বিগত বৰ্ষত জিঅ’ৰ অৱদান আছিল প্ৰায় ৩৬.৯ শতাংশ। জিঅ’ৰ এই উত্থানৰ বিপৰীতে অসমৰ টেলিকম ক্ষেত্ৰখনত পিছ পৰি ৰৈছে ভোডাফোন-আইডিয়া। বিগত ১২ টা ত্ৰিমাহীত এই প্ৰতিষ্ঠানৰ ৰাজহৰ পৰিমাণ ১৬.৫ শতাংশ হ্ৰাস পাইছে। আনফালে ৩৫.১ শতাংশৰে পূৰ্বৰ স্থিতিতে অটল আছে এয়াৰটেল। বি এছ এন এলৰ ৰাজহৰ পৰিমাণো বিগত ত্ৰিমাহীত ৪.৫ শতাংশৰ পৰা হৈছেগৈ ৬.১ শতাংশ।

প্ৰণিধানযোগ্য যে, জিঅ’ৰ 4G LTE নেটৱৰ্কে অসমৰ প্ৰায় ৯৫ শতাংশ লোকক সাঙুৰি ৰাখিছে। ২১৭ খন চহৰ আৰু ২৪ হাজাৰতকৈ অধিক গাঁৱত জিঅ’ৰ যোগাযোগ এতিয়া সুচলভাৱে চলি আছে। ইয়াৰোপৰি বহু পিছপৰা অঞ্চলত জিঅ’ৰ মিনি ষ্টৰ আদিৰ জৰিয়তে গ্ৰাহকৰ সমস্যাৰাজিৰ ওপৰতো নজৰ ৰখা হৈছে। জিঅ’ৰ কতৃপৰ্ক্ষই সদৰি কৰা অনুসৰি অসমত জিঅ’ৰ গ্ৰাহকৰ সংখ্যা ৯৯ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি তেওঁলোকে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি