অসম অথবা ভাৰত নহয়, পেৰিছত অখিল গগৈৰ মুক্তিৰ দাবীত পোষ্টাৰিং, আইফেল টাৱাৰৰ সন্মুখতো প্ৰতিবাদ…

অসম অথবা ভাৰত নহয়, পেৰিছত অখিল গগৈৰ মুক্তিৰ দাবীত পোষ্টাৰিং, আইফেল টাৱাৰৰ সন্মুখতো প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ পেৰিছ পালেগৈ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ প্ৰসংগ। কৃষক নেতাগৰাকীক তৎকালে মুক্তি দিয়াৰ দাবীত আইফেল টাৱাৰত উৰিল পোষ্টাৰ। অখিল গগৈৰ একাংশ সমৰ্থকে উৰালে পতাকা। 'Free Akhil Gogoi'-বুলি লেখা পোষ্টাৰ আৰিলে আইফেল টাৱাৰৰ চৌহদত। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই পোষ্টাৰখন।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কৃষক নেতাগৰাকী কাৰাগাৰত থাকিবলগীয়া হৈছে। ডিচেম্বৰ ২৭ তাৰিখৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে কৃষক নেতা অখিল গগৈ। ডিচেম্বৰ ১২ তাৰিখে তেওঁক যোৰহাটত গ্ৰেপ্তাৰ কৰা হৈছিল। ১৪ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল নিয়াই। সেই সময়ৰে পৰাই কাৰাগাৰত আছে অখিল গগৈ।

ইতিপূৰ্বে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অখিল গগৈৰ মুক্তিৰ দাবী কৰিছিল। তেওঁক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰাৰ অভিযোগ। জামিয়া মিলিয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ দেৱালক পোষ্টাৰ আৰি কৃষক নেতাগৰাকীক মুক্তিৰ বাবে দাবী কৰিছিল। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসমতো অখিল গগৈৰ লগতে কাৰাৰুদ্ধ কৃষক মুক্তিৰ ২৩ নেতাৰ মুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in