মিঞা কবিতাৰে চৰ্চিত হোৱা ৰেহেনা চুলতানাই পাকিস্তানৰ সমৰ্থনত লিখিছিল ফেচবুকত পোষ্ট…

মিঞা কবিতাৰে চৰ্চিত হোৱা ৰেহেনা চুলতানাই পাকিস্তানৰ সমৰ্থনত লিখিছিল ফেচবুকত পোষ্ট…

স্বৰূপ ওলাল মিঞা কবিতা লিখা একাংশৰ। পাকিস্তানৰ সমৰ্থনত ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট। লিখিছিল- 'আজি পাকিস্তানৰ আনন্দত আমিও চামিল হ'বলৈ দগচি গৰু মাংসকে খাই দিলো বাপ্পেকে।'

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীগৰাকীয়ে লগতে লিখিছিল- 'মই কি খাও সেয়া মোৰ জিভাৰ ৰুচিৰ কথা। সেইবুলি গৰুৰ মাংসৰ নাম শুনিয়েই বিতৰ্কৰ সূত্ৰপাত কৰি নিজৰ পৰিচয় দাঙি নধৰিব দেই।'

এইদৰে পাকিস্তানৰ সমৰ্থনত মুকলিকৈ ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুকত পোষ্ট দিয়া ছাত্ৰীগৰাকী সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ ৰুজু কৰিছে এক গোচৰ। জালুকবাৰী থানাত এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

ৰেহেনা চুলতানাৰ সেই বিতৰ্কিত পোষ্টটো…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in