‘হয়, এই পোষ্ট ময়েই দিয়া’! আৰু কি ক’লে ৰেহেনাই…

‘হয়, এই পোষ্ট ময়েই দিয়া’! আৰু কি ক’লে ৰেহেনাই…

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একালৰ গৱেষিকা ছাত্ৰী তথা মিঞা কবিতাক কেন্দ্ৰ কৰি বিতৰ্কত সোমাই পৰা ৰেহেনা চুলতানাৰ এক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। পাকিস্তানক মুকলিকৈ সমৰ্থন কৰি পাকিস্তানৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত মন্তব্য কৰা ৰেহেনা চুলতানাৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰা হৈছিল।

ৰেহেনাক সোধা হৈছিল- এই ধৰণে ছ'চিয়েল মিডিয়াত তেওঁ পোষ্ট কৰাটো সঁচানে? নে এয়া কাৰোবাৰ অপপ্ৰচাৰ? ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া মতে, তেৱেঁই দিছিল এই পোষ্ট। লগতে তেওঁ কয়, 'এই পোষ্টটো ময়েই দিছিলো। কিন্তু সেয়া আছিল প্ৰায় ৩ বছৰ পুৰণি।'

কিহৰ বাবে এনে এটা পোষ্ট দিয়া হৈছিল বুলি সোধাত ৰেহেনা চুলতানাই ভাৰত পাকিস্তানৰ এখন খেলৰ সময়ত ২০১৭ চনত এই পোষ্ট দিয়া বুলি কয়। ভাৰতে খুব বেয়া খেলাৰ বাবে তেনে পোষ্ট দিছিল বুলি স্বীকাৰ কৰে ৰেহেনাই।

দেশৰ বিৰুদ্ধে আৰু শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সমৰ্থনত এনেদৰে পোষ্ট দিয়াটো ভুল বুলি উপলব্ধি কৰা নাছিল নেকি বুলি ৰেহেনাক সোধাত তেওঁ কয়, 'অতি আবেগিক হৈ এই পোষ্ট দিয়া হৈছিল।' ৰেহেনাই আৰু জানিবলৈ দিয়ে যে তেওঁৰ এজনী বান্ধৱীৰ সৈতে মিলি পাকিস্তানৰ সমৰ্থনত এনেদৰে দুটা পোষ্ট দিছিল।

ভুল হৈছিল বুলি জানিয়েই ৰেহেনাই এক মিনিট মানৰ ভিতৰতে সেই পোষ্টটো ডিলিট কৰাৰ কথাও কয়। কিন্তু ৰেহেনাৰ এই দাবীৰ বিপৰীতে যিটো ষ্ক্ৰীণশ্বট এতিয়া চৰ্চালৈ আহিছে, সেই পোষ্টটোৰ স্ক্ৰীণশ্বট লৈছিল পোষ্টটো দিয়াৰ ৬ মিনিটৰ পিছত।

ৰেহেনাই ৩ বছৰৰ পাছত এই পোষ্টক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ আশ্বৰ্য ব্যক্ত কৰে। ইফালে, এই যুৱতীগৰাকীয়ে ভাৰতত থাকি মুকলিকৈ শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সমৰ্থনত এনে বিতৰ্কিত পোষ্ট দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে পলমকৈ হ'লেও ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰাত সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্নজনে।

মিঞা কবিতাক লৈ বিতৰ্কতো এই যুৱতীগৰাকীৰ নাম সাঙোৰ খাই পৰিছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা ছ'চিয়েল মিডিয়াত তেওঁৰ এই কাৰ্যকলাপে ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীৰ কাম কাজক অধিক বিতৰ্কৰ মাজলৈ ঠেলি দিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in