পুৱাই গুৱাহাটী শোধনাগাৰৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ

পুৱাই গুৱাহাটী শোধনাগাৰৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে পুৱাই শোধনাগাৰৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৮ শতাধিক শ্ৰমিকে এই কাৰ্যসূচীত অংশ লয়। তেওঁলোকৰ প্ৰাপ্যৰ দাবীত শ্ৰমিকসকলে ধৰ্ণা প্ৰদান কৰে।

এই ধৰ্ণা কাৰ্যসূচীত অসম ইউনিয়ন তথা  এই আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতাকে ধৰি কেবাজনো শ্ৰমিক নেতাই অংশ লয়। উল্লেখযোগ্য যে, এটা শক্তি প্ৰকল্পৰ কাম হঠাৎ বন্ধ কৰি দিয়াত শ্ৰমিকসকল ক্ষোভিত হৈ পৰিছে। যাৰবাবে বহু শ্ৰমিক হঠাৎ কৰ্মহীন হৈ পৰে।

কোনো ব্যক্তিগত কোম্পানীৰ উচতনীত এই প্ৰকল্প বন্ধ ৰখাৰো অভিযোগ তোলে শ্ৰমিকসকলে। অচিৰেই এই প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিবলৈ শ্ৰমিকসকলে দাবী জনায়। অন্যথা ব্যাপক আন্দোলনৰ হুংকাৰ দিছে শ্ৰমিকসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in