টৰেন্ট’ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত ৰীমাৰ ‘দ্য বুলবুল কেন ছিং’

টৰেন্ট’ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত ৰীমাৰ ‘দ্য বুলবুল কেন ছিং’

ডিজিটেল ডেস্কঃ সুক্ষ্ম অনুভূতিবোৰ বুটলি নিৰ্মাণ কৰা 'ভিলেইজ ৰকষ্টাৰ্ছ' ছবিখনৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিজগতত এটি চিনাকি নাম হৈ পৰিছিল ৰীমা দাস। দেশ-বিদেশৰ বিভিন্ন ছবি মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত হোৱাৰ লগতে আজুৰি আনিছিল বহু পুৰষ্কাৰ।

ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 'ভিলেইজ ৰকষ্টাৰ্ছ'ৰ অভূতপূৰ্ব সফলতাৰ পাছতে এইবাৰ টৰেন্ট' ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে ৰীমা দাস। তেওঁৰ শেহতীয়া ছবি 'দ্য বুলবুল কেন ছিং' নিৰ্বাচিত এই মহোৎসৱলৈ।

ছবিখনৰ নামক লৈ ছ'চিয়েল মিডিয়াত বহু বিৰ্তকৰ সৃষ্টি হৈছিল যদিও, ছবিখনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফল হ'ব বুলি আশাবাদী ৰীমা দাস। উল্লেখযোগ্য যে, সম্পূণ গ্ৰাম্য পটভূমিত নিৰ্মাণ কৰা ভিলেইজ ৰকষ্টাৰ্ছ ছবিখনে '৬৫ সংখ্যক নেচনেল ফিল্ম এৱাৰ্ড'ত শ্ৰেষ্ঠ ছবিৰ লগতে আন তিনিটা শিতানত পুৰষ্কাৰ লাভ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in