শ্ৰীলংকাৰ ক্ৰিকেট দলক সতৰ্কবাণী! পাকিস্তানত পুনৰ সন্মুখীন হ’ব পাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে শ্ৰীলংকাৰ ক্ৰিকেট দল। পাকিস্তানলৈ দলটো যাত্ৰা কৰাৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট বৰ্ডে বুধবাৰে এই আশংকা ব্যক্ত কৰিছে। ৬খনকৈ খেল খেলাৰ বাবে পাকিস্তানলৈ দলটো যাত্ৰা কৰাৰ পূৰ্বে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লাভ কৰিছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সংকেট।

পাকিস্তান ক্ৰিকেট বৰ্ডে এনেধৰণৰ কোনো তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে। লগতে ইয়াকো কয় যে, পাকিস্তানে শ্ৰীলংকাৰ দলটোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব। পাকিস্তান ক্ৰিকেট বৰ্ডে জানিবলৈ দিয়ে যে, শ্ৰীলংকাই নিৰাপত্তাক লৈ কৰা প্ৰশ্নৰ কথা আমি জানিব পাৰিছো। আমি তেওঁলোকক নিৰাপত্তা দিম।

উল্লেখ্য যে, পাকিস্তানৰ লাহোৰত এখন টেষ্ট মেচ খেলাৰ বাবে যোৱাৰ সময়তে ২০০৯ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হৈছিল শ্ৰীলংকাৰ ক্ৰিকেট দলটো। এই ঘটনাত ৬জনকৈ শ্ৰীলংকাৰ খেলুৱৈ আহত হৈছিল। সেই সময়ত শ্ৰীলংকাৰ খেলুৱৈৰ দলটোৰ বাছত আক্ৰমণ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে। ইফালে পাকিস্তানৰ ২গৰাকী আৰক্ষীৰ লগতে নিহত হৈছিল আন দুজন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in