ভাৰতৰ ৰিলেয় ইষ্টেত খণ্ডত বৃদ্ধি হ’ব বিদেশী বিনিয়োগ !

ভাৰতৰ ৰিলেয় ইষ্টেত খণ্ডত বৃদ্ধি হ’ব বিদেশী বিনিয়োগ !

ডিজিটেল ডেস্কঃ নিম্ন গৃহ ঋণৰ সূতৰ হাৰ আৰু তথ্য প্ৰযুক্তি আৰু সংশ্লিষ্ট সেৱা খণ্ডত বৰ্ধিত চাকৰিয়ে ঘৰ ক্ৰয়ৰ ওপৰত ইতিবাচক প্ৰভাৱ দেখুৱাইছে। এই বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এই তিনিমাহত দেশৰ ৭ খন মুখ্য চহৰত ঘৰ ক্ৰয় দুগুণ হৈছে। দেশত বৰ্তমানলৈকে ৬২,৮০০ ঘৰ বিক্ৰী হৈছে।গুৰুত্বপূৰ্ণ কথাটো হ'ল ঘৰ বিক্ৰী হোৱাৰ এই সংখ্যা কোভিডৰ পূৰ্বৰ সময়ছোৱাতকৈ অধিক।

সম্পত্তি পৰামৰ্শদাতা এনাৰকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ ৭ খন মুখ্য চহৰত ২০২০ চনৰ একে ত্ৰৈমাসিকত ২৯,৫২০ টা ইউনিট ক্ৰয় কৰা হৈছিল। কৰোনা কালৰ প্ৰথম ত্ৰৈমাসিকত জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে ৫৫,০৮০ আৰু ২০১৮ ৰ প্ৰথম ত্ৰৈমাসিকত ৫২,১৩০ ইউনিট বিক্ৰী কৰা হৈছিল। ২০২১ৰ এপ্ৰিলৰ পৰা জুনলৈকে এই তিনিমাহত ২৪, ৫৬০ টা ঘৰ ক্ৰয় কৰা হৈছিল।

ইয়াৰ পূৰ্বে এনাৰকে ৭ খন চহৰত ১,৭৯,৫২৭ টা ঘৰ বিক্ৰী হোৱাৰ অনুমান কৰিছিল আৰু বাৰ্ষিক ভিত্তিত ৩০ % বৃদ্ধি পাইছিল। যোৱা বছৰ, ২০২০ চনত ১,৩৮,৩৪৪ টা ঘৰ বিক্ৰী হৈছিল। কৰোনাৰ আগতে, ২০১৯ চনত ৭ খন মুখ্য চহৰত ২,৬১,৩৫৮ টা ঘৰ বিক্ৰী হৈছিল।

ইফালে নাইট ফ্ৰেঙ্কে শেহতীয়া প্ৰতিবেদনত দাবী কৰিছে যে ভাৰতৰ ৰিয়েল ইষ্টেট খণ্ডত বিদেশী বিনিয়োগে ২০২২ চনত অভিলেখ স্তৰত উপনীত হ'ব পাৰে। ভাৰতৰ ৰিয়েল ইষ্টেট খণ্ডত বিদেশী বিনিয়োগ ১৮,৫০০ কোটি টকা (২.৫ বিলিয়ন ডলাৰ) হ'ব পাৰে। ভাৰতৰ ৰিয়েল ইষ্টেট খণ্ডত আমেৰিকা যুক্তৰাজ্য, বৃটেইন, জাৰ্মানী, ফ্ৰান্স, নেডাৰলেণ্ড হ'ব শীৰ্ষ বিনিয়োগকাৰী দেশ।

প্ৰতিবেদন অনুসৰি, ঘৰৰ মূল্যও ৩ শতাংশ বৃদ্ধি পাইছে।২০২১ৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এই তিনিমাহত, ঘৰৰ মূল্য প্ৰতি বৰ্গ ফুটত ৫,৭৬০ টকা স্পৰ্শ কৰিছিল। যোৱা বছৰৰ এই একেই সময়ছোৱাত ঘৰৰ প্ৰতি বৰ্গ ফুটত আছিল ৫,৬০০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in