কোকৰাঝাৰৰ উদণ্ড যুৱকৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহতঃ দোষীক আটক নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

কোকৰাঝাৰৰ উদণ্ড যুৱকৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহতঃ দোষীক আটক নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উদণ্ড যুৱকৰ দলে চলোৱা আক্ৰমণত দুজন যুৱক গুৰুতৰভাবে আহত হোৱা ঘটনাক লৈ কোকৰাঝাৰত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ উক্ত আক্ৰমণৰ ঘটনাক লৈ আজি জাঙুৰ খাই উঠিছে এবিএমছু , আৰ এম চি, আমছু সহ বিভিন্ন সংখ্যালঘু দল – সংগঠন ৷

কোকৰাঝাৰ প্ৰেছ ক্লাৱত আজি বিয়লি এক সংবাদমেল সম্বোধন কৰি আৰএমচিৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল আৰু এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মইনুদ্দিন আলীয়ে কোকৰাঝাৰ চহৰৰ গৌৰনগৰত সংঘটিত হোৱা উক্ত বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

আক্ৰমণৰ ভিডিঅ' ফুটেজ থকা স্বত্বেও ঘটনাৰে জড়িত দোষীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে তৎপৰতা প্ৰৰ্দশন নকৰাক লৈ সংখ্যালঘু নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে ৷ আৰএম চি আৰু এবিএমছুৰ নেতা দ্বয়ে সংবাদমেলত উল্লেখ কৰা মতে আক্ৰমণৰ ঘটনাৰে জড়িত উদণ্ড যুৱকৰ দলটোৰ কেইবাজনকো নাম উল্লেখ কৰি কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল ৷

ইয়াৰ পিছতো আৰক্ষীয়ে ইয়াৰে কেৱল এজনক আটক কৰাৰ বিপৰীতে বাকী কেইজনক আটক কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুওৱা নাই ৷ ঘটনাৰে জড়িত কেউজন দোষীকে অচিৰেই আটক নকৰিলে সংখ্যালঘু দল সংগঠনে কোকৰাঝাৰত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷

তদুপৰি ইয়াৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হ'ব পৰা যি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব বুলি সংখ্যালঘু নেতাদ্বয়ে সকীয়াই দিয়ে ৷ সংবাদমেলত আমছুৰ জিলা সাধাৰণ সম্পাদক আতাউৰ ৰহমান, নেমছুৰ জিলা সভাপতি আলেবৰ আলীসহ এবিএমছু আৰু আৰএমচিৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে ৷

উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ গৌৰনগৰত কালি বিয়লী এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উদণ্ড যুৱকৰ আক্ৰমণত ছালাকাটিৰ নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰী নামৰ যুৱক দ্বয় গুৰতৰভাবে আহত হয় ৷ জানিব পৰা মতে ছালাকাটিৰ নুৰউদ্দিন সেখ, আনোৱাৰ আনছাৰী আৰু আশ্ৰাফ আলী এই তিনিও জনে দুখন মটৰ চাইকেলেৰে কালি বিয়লী জিলা খনৰ ফকিৰাগ্ৰামৰ পৰা কোকৰাঝাৰ লৈ বুলি আহি আছিল ৷

আহি থকাৰ পথতে কোকৰাঝাৰৰ গৌৰনগৰত এখন অটোয়ে ইয়াৰে আশ্ৰাফ আলীৰ মটৰ চাইকেলক খুন্দা মৰাত মটৰচাইকেল খন বাগৰি পৰে ৷ যাৰ ফলত আশ্ৰাফ আলী আহত হ'বলগীয়া হয় ৷ পিছত আশ্ৰাফ আলীৰ দুই সহযোগী ক্ৰমে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীয়ে অটো চালক জনক এটা চোৰ শোধায় ৷

ইয়াকে লৈ উত্তেজিত হৈ পৰা একাংশ স্থানীয় উদণ্ড যুৱকে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীক ঘেৰি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। যাৰ ফলত যুৱকদ্বয় বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ ইপিনে ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত যুৱক দ্বয়ে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰাৰ পিছত কালি নিশাই আৰক্ষীয়ে উদণ্ড যুবকৰ দলটোৰ শ্যামল দেক আটক কৰিছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in