ভাল খবৰ, ৩ মাহৰ বাবে দিব নালাগে বেংকৰ EMI…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ পদক্ষেপ হিচাপে ২১ দিনীয়া লকডাউন জাৰি কৰা হৈছে ভাৰতত। অৰ্থাৎ এই সময়ছোৱাত দেশবাসী ঘৰৰ ভিতৰতে থাকিব লাগিব। এনে পৰিস্থিতিত দেশবাসীক সকাহ দি আৰু দেশৰ অৰ্থনৈতিক বিকাশক অগ্ৰাধিকাৰ দি এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

শুকুৰবাৰে ৰিজাৰ্ভ বেংকে ৰেপো ৰেটত ৭৫ বেছিছ পইণ্ট হ্ৰাস কৰাৰ ঘোষণা কৰে। যাৰ পিছতে ৰেপো ৰেট পূৰ্বৰ ৫.১৫ শতাংশৰ পৰা ৪.৪৫ শতাংশলৈ হ্ৰাস পায়। ৰেপো ৰেট হ্ৰাস কৰাৰ পিছত কাৰ লোন, হোম লোনকে ধৰি বিভিন্ন লোন লাভ কৰা গ্ৰাহক সকলে সকাহ লাভ কৰিবলৈ সক্ষম হব। তদুপৰি নতুন লোন লাভকাৰী গ্ৰাসকসকলৰ বাবেও ই এক সুখবৰ হৈ পৰিছে।

আনহাতে লকডাউনৰ পৰিপ্ৰেক্ষিতত বেংকৰ পৰা লোন লৈ ৰখা গ্ৰাহক সকলৰ ইএমআইত ৩ মাহৰ বাবে ৰেহাই দিবলৈকো বেংক সমূহক পৰামৰ্শ প্ৰদান কৰিছে আৰ বি আইয়ে। অৱশ্যে ই এম আইত ৰেহাই প্ৰদান কৰা অথবা কোনবোৰ লোনৰ ক্ষেত্ৰত এই ৰেহাই প্ৰদান কৰা হ'ব, সেই সন্দৰ্ভত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব বেংক সমূহেই। আনফালে শুকুৰবাৰে ৰিভাৰ্ছ ৰেপো ৰেটতো ৯০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ ঘোষণা কৰে আৰ বি আইৰ গভৰ্ণৰে।

শুকুৰবাৰে সংবাদমেলত আৰ বি আইৰ গভৰ্ণৰে জানিবলৈ দি কয় যে, সকলো ধৰণৰ বাণিজ্যিক বেংকৰ সুত আৰু ঋণ প্ৰদানৰ বাবে ৩ মাহৰ ৰেহাই দিয়া হৈছে। এই সিদ্ধান্তৰ যোগেদি ৩.৭৪ লাখ কোটি টকাৰ নগদ ব্যৱস্থা সম্পন্ন হ'ব বুলিও মন্তব্য কৰে ৰিজাৰ্ভ বেংকে। লগতে দেশবাসীক ডিজিটেল বেংকিং ব্যৱস্থাৰে বেংকৰ কাম কাজ সম্পন্ন কৰিবলৈও পৰামৰ্শ আগবঢ়ায় গভৰ্ণৰে।

অইনফালে ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্ত দেশৰ অৰ্থনীতিৰ বাবে গুৰুত্ত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এক টুইটত তেওঁ কয় যে, আৰ বি আইৰ এই সিদ্ধান্তই দেশৰ অৰ্থনীতিক কোৰোনাৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব। লগতে ইয়ে নিম্ন আৰু মধ্যবৰ্গৰ লোক সকলৰ বাবেও লাভজনক হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in