১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…

১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনা ভাইৰাছকলৈ সমগ্ৰ বিশ্ব ত্ৰস্তমান। সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যা এই মুহুৰ্তলৈকে প্ৰায় প্ৰায় এক কোটি ২৬ লাখ। ভাৰতত এই সংখ্যা প্ৰায় ৮ লাখ ২২ হাজাৰৰো অধিক। প্ৰতি মুহুৰ্ততে বৃদ্ধি পাই আহিছে মহামাৰী ক'ৰোনাতৰ আক্ৰান্তৰ সংখ্যাই। ক'ৰোনাকলৈ বিভিন্ন মহলত চলিছে তীব্ৰ চৰ্চাও। তেনে সময়তে ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ বিস্ফোৰক মন্তব্য।

কোৰোনা বিগত এশ বছৰৰ ভিতৰত সবাটোকৈ বিস্তৰ স্বাস্থ্য আৰু আৰ্থিক সংকট। 7th SBI Banking and Economic Conclave' অনুষ্ঠানত অংশ লৈ এই মন্তব্য শক্তিকান্ত দাসৰ। দাসৰ মন্তব্য- 'কোৰোনাৰ ফলত দেশত উৎপাদন হ্ৰাস পাইছে। চাকৰি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো বিয়োগাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

কোৰোনাৰ এই মহা সংকতে বিশ্ব অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। সংকটৰ সন্মুখীন হোৱা আমাৰ দেশৰ বিত্তীয় ব্যৱস্থাক মুক্ত কৰিবলৈ আৰ বি আইয়ে বিভিন্ন পদক্ষেপ হাতত লৈছে'। ৰেপো ৰেট প্ৰসঙ্গতো মন্তব্য গৱৰ্ণৰ শক্তিকান্ত দাসৰ। কোভিড-১৯ সংকটৰ সময়ছোৱাত কেন্দ্ৰীয় বেংকৰ দ্বিমাষিক বৈঠকত ৰেপ' ৰেটৰ হাৰ নিম্নগামী কৰিছে কেন্দ্ৰীয় বেংকে।

তেওঁ লগতে কয়, কোৰোনা ভাইৰাছ ১০০ বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ আৰ্থিক আৰু স্বাস্থ্য সংকট, এই সংকটৰ বাবেই উৎপাদন, চাকৰি আৰু জন কল্যাণৰ বাবে অভূতপূৰ্ব নেতিবাচক পৰিণাম দেখিবলৈ পোৱা গৈছে। এই সংকটে বৰ্তমানৰ বিশ্ব ব্যৱস্থা, বিশ্বৰ মূল্য শৃংখলা, শ্ৰম আৰু পুঁজিৰ মুভমেণ্টত ব্যাঘাত জন্মাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in