মণিপুৰত ওলাইছে অনিল কুম্বলে!

মণিপুৰত ওলাইছে অনিল কুম্বলে!

ডিজিটেল ডেস্কঃ মাত্ৰ ১৮ বছৰীয়া এজন ক্ৰিকেট খেলুৱৈ। বাওঁ হাতেৰে বলিং কৰা এই খেলুৱৈজনে ৰচিলে অভিলেখ। কোচ বিহাৰ ১৯ অনূৰ্ধ্ব ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত মণিপুৰৰ এই ক্ৰিকেটাৰজনে দেখুৱালে চমক। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত এই যুৱকজনে বিৰোধী দলৰ মুঠ ১০টা উইকেট নিজৰ নামত কৰে। পিছে নিজৰ জীৱনৰ আৰম্ভণিতে নিজৰ বলিঙেৰে চমক দেখুওৱা মণিপুৰৰ এই খেলুৱৈগৰাকীৰ নাম ৰেক্স সিং।

বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৰেস্ক সিঙৰ বলিঙৰ এই ভিডিঅ'টি। ৰেক্সৰ খেল চাই বহুতেই 'প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰ ইৰফান পাঠান' মন্তব্য কৰিছে। তদুপৰি মণিপুৰৰ এই বলাৰগৰাকীয়ে মেচখনত ৩টাকৈ হেট্ৰিক লাভ কৰে।

লক্ষণীয় যে, ৰেস্ক সিঙে নিজৰ বলিঙেৰে চমক দেখুওৱা এইবাৰে প্ৰথম নহয়। পূৰ্বেও ৰনজিৎ ট্ৰফীত প্ৰথমবাৰৰ বাবে খেল প্ৰদৰ্শন কৰি ৰেক্সে ৫টাকৈ উইকেট দখল কৰিছিল।

উল্লেখ্য যে, ৰেস্ক সিঙে ২০০০চনৰ ৩০ আগষ্টত মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰিছিল। ৰেক্স সিঙৰ সম্পূৰ্ণ নাম ৰেস্ক ৰাজকুমাৰ সিং। মাত্ৰ ১৮ বছৰীয়া এই খেলুৱৈগৰাকীয়ে ভৱিষ্যতলৈ ভাৰতীয় দলৰ হৈ বলিং কৰাতো বৰ্তমান মণিপুৰৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।

চাওঁক ৰেক্সে নিজ বলিঙেৰে দখল কৰা ১০টাকৈ উইকেটৰ সেই ভাইৰেল ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in