নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ…

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো একাংশ সচেতন সাংবাদিকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ছাত্ৰ সমাজৰ দ্বাৰা এই বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে দৃষ্টি আকৰ্ষণ কৰিছে এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰো।

নিজৰ ফেচবুক পেজত সাংবাদিকগৰাকীয়ে এই সন্দৰ্ভত লিখিছে যে, বিশ্ববিদ্যালয়ৰ চৌহদে চৌহতে, মহাবিদ্যালয়ৰ প্ৰান্তে প্ৰান্তে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। ফেচবুক পোষ্টটোত কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ৰবিশ কুমাৰ।

'মোৰ ইনবক্সত অসমৰ পৰা মেছেজ আহি আছে। লগতে ফটোও আহিছে। তাত প্ৰায় প্ৰতিখন বিশ্ববিদ্যালয় চৌহদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে। তেওঁলোকৰ মতে, ভাষা প্ৰথম। ধৰ্ম পাছত। নাগৰিকত্ব সংশোধনী বিধেয়ক ধৰ্মৰ আধাৰত প্ৰস্তুত কৰা হৈছে। ভাৰতীয় সংবিধানক অমান্য কৰা হৈছে। কটন বিশ্ববিদ্যালয়তো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে। জানিব পৰা মতে, প্ৰায় ৪ হাজাৰ লোকে এই প্ৰতিবাদত অংশ লৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়তো সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে নিশা জোঁৰ সমদল বাহিৰ কৰে। বৰ্তমান পৰীক্ষাৰ সময়। তাৰপাছতো অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। অভিষেক নামৰ এজন ছাত্ৰই জনাইছে যে, জগন্নাথ বৰুৱা মহাবিদ্যালয়, দেৱৰাজ ৰায় মহাবিদ্যালয়, ভোলা বৰুৱা মহাবিদ্যালয়কে ধৰি প্ৰায় ৫০ৰো অধিক মহাবিদ্যালয়ত ১০ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ অধিকাংশ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো ইয়াৰ বিৰোধিতা কৰিছে…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in