শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

ভাৰতীয় ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজা আৰু পুনম যাদৱলৈ অৰ্জুন বঁটা…

345

ডিজিটেল ডেস্কঃ দেশৰ ১৯ গৰাকী খেলুৱৈৰ নাম মনোনিত কৰা হৈছে অৰ্জুন বঁটাৰ বাবে। শনিবাৰে ঘোষণা কৰা এই বঁটাৰ বাবে মনোনিত কৰা হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজাক। ইফালে তেওঁৰ লগতে মনোনিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱ।

Image result for POONAM YADAV

এই বঁটাৰ বাবে মনোনিত হোৱা আন কেইগৰাকীমান খেলুৱৈ হৈছে তেজিন্দৰ পাল সিং টুৰ, মহম্মদ আনাছ, স্বপ্না বৰ্মন, গুৰপ্ৰীত সিং সন্ধু, সিংলেনচানা সিং কাঙ্গুজাম আৰু অঞ্জুম মৌদগিল। অৰ্জুন বঁটাৰ বাবে ৪গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম প্ৰেৰণ কৰিছিল বিচিচিআই-য়ে। তাৰ ভিতৰত মনোনিত হ’ল ৰবিন্দ্ৰ জাডেজা আৰু পুনম যাদৱ। নাম প্ৰেৰণ কৰা আন খেলুৱৈ কেইজন হৈছে- মহম্মদ শ্বামী আৰু যশপ্ৰীত বুমৰাহ।

Ravindra Jadeja among 19 sportspersons nominated for Arjuna Award

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে এই বঁটা প্ৰদান কৰে। ২০১৮ চনত ক্ৰিকেটৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ খেলুৱৈগৰাকী আছিল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ স্মৃতি মানধনা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি