জোহান্সবাৰ্গ টেষ্টত অশ্বিনৰ ৰেকৰ্ড…

জোহান্সবাৰ্গ টেষ্টত অশ্বিনৰ ৰেকৰ্ড…

ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত জোহান্সবাৰ্গ চলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনত টীম ইণ্ডিয়াৰ অভিজ্ঞ স্পিনাৰ আৰ অশ্বিনে কিগান পিটাৰছেনক এল বি ডব্লিউৰে পেভিলিয়নলৈ ঘূৰাই পঠিয়াই ইতিহাস সৃষ্টি কৰে।

জোহান্সবাৰ্গত অনিল কুম্বলেৰ পিছত উইকেট লোৱা অশ্বিন দ্বিতীয় ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হৈছে। কুম্বলেই এইখন খেলপথাৰত মুঠ ১৭ টা উইকেট দখল কৰিছে। তেওঁৰ বাহিৰে কোনো ভাৰতীয় স্পিনাৰে এই খেলপথাৰত উইকেট ল'বলৈ সক্ষম হোৱা নাছিল। কিন্তু অশ্বিনে পিটাৰেছনৰ উইকেট দখল কৰি এই খেলপথাৰত উইকেট লোৱা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

অনিল কুম্বলেই শেষবাৰৰ বাবে ২০০৬ চনত জাহান্সবাৰ্গত এটা উইকেট দখল কৰিছিল। জাম্বো নামেৰে জনাজাত কুম্বলেই ২০০৬ চনত খেলা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখনৰ প্ৰথম ইনিংছত ২ অভাৰত ২ ৰাণৰ বিনিময়ত ২ উইকেট লৈছিল। কুম্বলেয়ে দ্বিতীয় ইনিংছত ৩ টা উইকেট দখল কৰিছিল। টীম ইণ্ডিয়াই খেলখন ১২৩ ৰাণত জয় কৰিছিল।আফ্ৰিকাৰ মাটিত সেইয়া আছিল টীম ইণ্ডিয়াৰ প্ৰথম জয়।

চলিত জোহান্সবাৰ্গ টেষ্টৰ তৃতীয় দিনা ষ্টাম্পত ২৪০ ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই ২ উইকেটত ১১৮ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক ডিন এলগাৰ ৪৬ আৰু ৰাচি ভান ডাৰ ডুছেন ১১ ৰাণত অপৰাজিত হৈ আছে।

এডেন মাৰ্ক্ৰাম (৩১) আৰু কিগান পিটাৰছেন (২৮) ৰাণ কৰি থকাৰ অৱস্থাত আউট হৈছে। টেষ্টখন জয় কৰিবলৈ ভাৰতক প্ৰয়োজন৮ টা উইকেটৰ।অশ্বিন এই টেষ্টত উইকেট লোৱা প্ৰথম জন স্পিনাৰ হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ স্পিন বলাৰ কেশৱ মহাৰাজে ভাৰতৰ দুয়োটা ইনিংছত এটাও উইকেট লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in