২০২১লৈকে টীম ইণ্ডিয়াত থাকিব ৰবি শাস্ত্ৰী!

২০২১লৈকে টীম ইণ্ডিয়াত থাকিব ৰবি শাস্ত্ৰী!
  • টীম ইণ্ডিয়াৰ সৈতে থাকিব ৰবি শাস্ত্ৰী।
  • ২০২১লৈকে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব শাস্ত্ৰী।
  • পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীক দিয়া হৈছে নিযুক্তি।
  • কপিল দেৱ, অংশুমান গায়কৱাড় আৰু শান্তা ৰঙ্গাস্বামীৰে গঠিত ক্ৰিকেট এডভাইচৰ কমিটীয়ে ৰবি শাস্ত্ৰীকে পুনৰ নিৰ্বাচন কৰিলে এই পদৰ বাবে।
  • শুকুৰবাৰে ক্ৰিকেট এডভাইচৰ কমিটীৰ এক সংবাদমেলযোগে কপিল দেৱে ঘোষণা কৰিলে এই কথা।
  • ২০২১চনত অনুষ্ঠিত হ'ব লগা টি-২০ ৱৰ্ল্ড কাপৰ পাছত তেওঁৰ এই কাৰ্যকাল সমাপ্ত হ'ব।
  • উল্লেখ্য যে, ২০০৭চনত বাংলাদেশ ভ্ৰমণৰ সময়ত তেওঁ আছিল টীম ইণ্ডিয়াৰ মেনেজাৰ।
  • ২০১৭-২০১৯লৈ দলটোৰ প্ৰধান প্ৰশিক্ষক হিচাপে তেওঁ দায়িত্ব চম্ভালিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in