দেশবাসীৰ দুখত সুখী ৰাহুল গান্ধীঃ ৰবি শংকৰ প্ৰসাদ

দেশবাসীৰ দুখত সুখী ৰাহুল গান্ধীঃ ৰবি শংকৰ প্ৰসাদ

ডিজিটেল ডেস্কঃ যিমানেই লোকসভা নিৰ্বাচনৰ দিন কাষ চাপিছে, সিমানেই শুই থকা শিয়ালেও হাহ ধৰিবলৈ সাৰ পাইছে। পূৰ্বে জনতাই নামটোকে ভালদৰে নজনা নেতা-মন্ত্ৰীয়েও এতিয়া নিৰ্বাচনৰ সময়ছোৱাত নিজৰ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰি বিৰোধীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। তেনে এগৰাকী মন্ত্ৰীয়েই হৈছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ।

কিছুদিন ধৰি এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে বেচ সৰৱ ভূমিকা পালন কৰি বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। বুধবাৰে পশ্চিম বংগক অতি স্পৰ্শকাতৰ ৰাজ্য হিচাৰে ঘোষণা কৰাৰ দাবীত তেওঁ নিৰ্বাচন আয়োগৰ কাষ চপাৰ পিছত বুধবাৰে পুনৰ এক জনসভাত অংশ লৈ বিৰোধী নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ অধ্যক্ষগৰাকীক আক্ৰমণ কৰি কয় যে ৰাহুল গান্ধী এনে এজন ব্যক্তি যিয়ে দেশৰ দুখৰ সময়ক সুখী অনুভৱ কৰে। দেশৰ সুৰক্ষা, দেশৱাসীৰ প্ৰয়োজনক গুৰুত্ব নিদি ৰাহুল গান্ধীয়ে কেৱল নিজৰ স্বাৰ্থত ৰাজনীতি কৰে বুলি অভিযোগ কৰে ৰবি শংকৰ প্ৰসাদে। লগতে ভিনিহিয়েক ৰবাৰ্ট বাদ্ৰাৰ লগ লাগি ৰাহুল গান্ধীয়ে তামাম ভূমি ক্ৰয় সংক্ৰান্তিয় কেলেংকৰী সংঘটিত কৰা বুলিও গুৰুতৰ অভিযোগ তোলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাৎ এনেদৰে সৰৱ হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে অভিযোগৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ। জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁৰ এই অভিযোগ যুক্তিহীন আখ্যা দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in