শেহতীয়া খবৰ
নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...  •  দেশৰ সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিল ৰ’য়েল গ্ৰুপ, দান কৰিলে ১ কোটি টকা...

‘ৰত্নাকৰ’ ভাইৰেল ছচিয়েল মিডিয়াত, থানাত এজাহাৰ দি যতীন বৰাই কি ক’লে VIDEO…

1,621

ডিজিটেল ডেস্কঃ ছুপাৰহিট অসমীয়া ছবি ‘ৰত্নাকৰ’। বিগত ৬ টা দিনত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ২.৭৬ কোটি টকা। ছবিঘৰত দৰ্শকে ৰত্নাকৰ আদৰি লোৱাৰ সমান্তৰালভাৱে শেহতীয়াকৈ ঘটিছে এক অথন্তৰ। ‘ৰত্নাকৰ’ এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত। এই কথা ফেচবুক লাইভযোগে গুৱাহাটীৰ গীতানগৰ থানাৰ চৌহদৰ পৰা জনালে খোদ যতীন বৰা আৰু ‘ৰত্নাকৰ’ৰ প্ৰযোজিকা নৱনীতা শৰ্মাই।

ফেচবুক আৰু ইউটিউবত ‘ৰত্নাকৰ’ৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই। কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইলত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত ছবিখনৰ দৃশ্যাংশ ভাইৰেল কৰা বুলি অভিযোগ কৰিছে যতীন বৰা আৰু ছবিখনৰ প্ৰযোজিকাই।

ফেচবুক লাইভযোগে যতীন বৰাই ক্ষোভেৰে কয় যে – এইদৰে ভিডিঅ’ ৰেকৰ্ডিং নকৰিবলৈ বা আপলোড নকৰিবলৈ পূৰ্বতেও মই বাৰে বাৰে সকলোকে অনুৰোধ জনাইছিলো। কিন্তু এতিয়া উপায় নোহোৱাত আজি থানালৈ আহিবলগীয়া হৈছে, গীতানগৰ থানাত মই এজাহাৰ দিছো। কোনো কোনোৱে মোৰ চিনেমাখন ছচিয়েল মিডিয়াত আপলোড কৰিছে। যিয়ে আপলোড কৰিছে, তেওঁ জে’ললৈ যাব লাগিব। দোষীয়ে শাস্তি পাবই।

আনহাতে, ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মাইও দুষ্টচক্ৰৰ এই কাৰ্যক সমালোচনা কৰাৰ লগতে ছবিখনলৈ অসমবাসী ৰাইজে জনোৱা সহাঁৰিৰ বাবে ধন্যবাদো জ্ঞাপন কৰে। ইফালে আৰক্ষীয়ে জনায় যে, দোষীক অচিৰেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হব।

Jatin Bora যতীন বৰা ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಗುರುವಾರ, ಅಕ್ಟೋಬರ್ 17, 2019
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি