শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

ছবিগৃহত ‘ৰত্নাকৰ’, শেষ হ’ল প্ৰথম দিনাৰ টিকট…

727

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে ছবিগৃহলৈ আহিলে বহু প্ৰতীক্ষিত ছবি ‘ৰত্নাকৰ’। দীৰ্ঘ বিৰতিৰ পিছতে অসমীয়া ছবিত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক। প্ৰায় এমাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছিল টীম ৰত্নাকৰে। শুকুৰবাৰৰ দৰ্শনীৰ বাবে প্ৰায় সংখ্যক ছবিগৃহতে টিকট শেষ হোৱা বুলি জানিব পৰা গৈছে।

জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হৈছে ছবিখন। যতীন বৰাৰ লগতে ছবিখনত অভিনয় কৰিছে বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ তথা আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। বৃহস্পতিবাৰে মহানগৰীৰ পি ভি আৰ চিনেমা হ’লত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। ইফালে ছবিখনক লৈ আশাবাদী বুলি উল্লেখ কৰিছে নিৰ্মাতা যতীন বৰাৰ লগতে জড়িত আন আন কলা-কুশলীসকলে।

Image may contain: text

কাঞ্চনজংঘাৰ সফলতাৰ পাছতে ৰত্নাকৰেও দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি ইতিমধ্যে চলচিত্ৰপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰিমিয়াৰ শ্ব’ত মাদাৰ বৃদ্ধাৱাসৰ আৱাসীসকলে আন আন দৰ্শকসকলৰ সৈতে ছবিখন প্ৰত্যক্ষ কৰে। ৰাজ্যৰ ৫৯টা ছবিগৃহত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ’। ইফালে ৰাজ্যৰ বাহিৰৰ বহুতো ছবিগৃহত মুক্তি দিয়া হৈছে ছবিখন। যতীন বৰাৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ প্ৰযোজনা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি