ভাৰতবৰ্ষৰ মুকেশ আম্বানীতকৈ ধনী ব্যক্তিজন কোন !

ভাৰতবৰ্ষৰ মুকেশ আম্বানীতকৈ ধনী ব্যক্তিজন কোন !

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে আগশাৰীৰ আলোচনী ফবছে প্ৰকাশ কৰা কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ১৩ সংখ্যক স্থান লাভ কৰিছিল মুকেশ আম্বানীয়ে। ৬১ বছৰীয়া মুকেশ আম্বানীৰ বৰ্তমান সম্পত্তিৰ পৰিমান ৫০ আৰব ডলাৰ। এই তালিকাত প্ৰথম স্থানত আছিল আমাজনৰ চিইঅ' জেফ বৌজেচ। তেওৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৩১ আৰব ডলাৰ। এই তালিকাত ভাৰতবৰ্ষৰ অনিল আম্বানী, অজিম প্ৰেমজী, গৌতম অডানী, সুনীল মিট্টাল, আচাৰ্য বালাকৃষ্ণ,অজয় পিৰামলকে ধৰি কেইবাজনো উদ্যোগপতিৰ নাম সন্নিৱিষ্ট হৈছিল।

নিসন্দেহে ভাৰতবৰ্ষৰ সবাতোকৈ ধনী ব্যক্তিজন মুকেশ আম্বানী। কিন্তু শেহতীয়াকৈ এক অন্য তথ্য পোহৰলৈ আহিছে। মুকেশ আম্বানীও ধনী ভাৰতবৰ্ষৰ আন এজন উদ্যোগপতি। কিন্তু বিশ্বৰ ধনী ব্যক্তি তালিকাত নাই তেওৰ নাম। সেই ব্যক্তি জনৰ নাম হ'ল টাটা কোম্পানীৰ অধ্যক্ষ ৰতন টাটা। মুকেশ আম্বানী আৰু ৰতন টাটাৰ কোম্পানীৰ মাজত যদি উপাৰ্জনৰ পৰিমাণ তুলনা কৰা হয়,তেন্তে এই দিশত আগত থাকিব ৰতন টাটা।

প্ৰাপ্ত তথ্য অনুসৰি টাটা কোম্পানীৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৮.৩৩ লাখ কোটি আনফালে মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৬.৩ লাখ কোটি টকা। দৰাচলতে মুকেশ আম্বানীতকৈ ৰতন টাটা পিছ পৰি থকাৰ কাৰণ হ'ল আম্বানীৰ ৰিলায়েন্স গ্ৰুপ পৰিচালনা কৰা হয় তেওৰ পৰিয়ালৰ দ্বাৰা আনহাতে টাটা কোম্পানী সকলো কাম-কাজ পৰিচালনা হয় টাটা টাষ্ট্ৰৰ দ্বাৰা। গতিকে এই কোম্পানীৰ ৰতন টাটা হৈছে চেয়াৰমেনহে মালিক নহয়।

উল্লেখ্য যে, টাটা কোম্পানীয়ে উপাৰ্জন কৰা সৰহ সংখ্যক ধনৰ জৰিয়তেই সমাজৰ বিভিন্ন কল্যাণমূলক কাম কৰে। বৰ্তমান টাটা টাষ্ট্ৰৰ দেশত আছে কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু চিকিৎসালয়। টাটা কোম্পানীয়ে ৬৬ শতাংশ ধন দান কৰে টাটা টাষ্ট্ৰক যাৰ জৰিয়তে সকলো কল্যাণমূলক কাম-কাজ কৰা হয়। এই সকলোবোৰ ধন যদি ৰতন টাটাই দান নকৰিলে হয়, বৰ্তমান দেশৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰিলেহেতেন ৰতন টাটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in