নাৰায়ণপুৰৰ শিক্ষক প্ৰশান্তজ্যোতি বৰুৱাক ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা প্ৰদান

নাৰায়ণপুৰৰ শিক্ষক প্ৰশান্তজ্যোতি বৰুৱাক ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা প্ৰদান

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাৰায়ণপুৰ-লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিক্ষক প্ৰশান্তজ্যোতি বৰুৱাক ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা প্ৰদান কৰিছে। স্থানীয় ঠাকুৰ দলনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা এগৰাকী সুদক্ষ অভিনেতা, সু-আবৃত্তিকাৰ, কবি, সুবক্তা বৰুৱাক যোৱা ন জুনত ছিকিমৰ গেংটকত অবস্থিত সমতা কনফাৰেঞ্চ হলত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটা প্ৰদান কৰা হয়।

বঁটাৰ লগত এখন প্ৰশষ্টি পত্ৰ, এখন চেলেং, ট্ৰফী আৰু এটা স্মাৰক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত ভূতানৰ প্ৰাক্তন শিক্ষামন্ত্ৰী অধ্যাপক ঠাকুৰ এছ পাওডেল, ছিকিমৰ মন্ত্ৰী লোকনাথ শৰ্মা আৰু ৰাষ্ট্ৰীয় সমতা সাহিত্য একাডেমিৰ সভাপতি ডঃ ডি এছ ট্ৰানডেলকাৰকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে কৃতী শিক্ষকৰ বটা প্ৰাপক প্ৰশান্তজ্যোতি বৰুৱাই বিগত ২০০৭ চনত শ্বিলঙত ৰাষ্ট্রীয় বি আৰ আম্বেদকাৰ বঁটাও লাভ কৰিছিল। নাৰায়ণপুৰৰ সমীপৰ বৰপথাৰৰ নিবাসী বৰুৱাই লাভ কৰা এই সন্মানৰ বাবে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান, দল-সংগঠনে তেওঁক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in