শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

আপোনাৰ আজিৰ দিনটো…

মেষঃ মেঘ ৰাশিৰ আজি দুপৰীয়াৰ পৰা শৰীৰৰ শুভ কাৰক হ’ব যদিও মানসিক দুচিন্তা থাকিব। প্ৰেম-প্ৰীতি, পাৰিবাৰিক শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত সকলৰ কৰ্মত নিয়োজিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজি দুপৰীয়ালৈ শৰীৰৰ শুভ কাৰক যদিও পিচত সাধাৰণ অশান্তি হ’ব পাৰে। মনৰ অশান্তিও বাঢ়িব।প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰে যুক্ত লোকৰ উন্নতি সাধন হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত লাভৱান হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক হ’ব। দুপৰীয়াৰ পৰা মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক হ’ব। সাহিত্য, সংস্কৃতি, সংবাদকৰ্মৰে যুক্তসকলৰ কিছু উন্নতি কাৰক যদিও কষ্টও বাঢ়িব। বিদ্যাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত সফলতা লাভ হ’ব । আৰ্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক যদিও কিছু বাধা থাকিব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি দুপৰীয়াৰ পৰা শৰীৰৰ কিছু শুভ কাৰক হ’ব। মনৰ অশান্তিও হ্ৰাস পাব পাৰে। প্ৰেম-পাৰিবাৰিকত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ সৈতে জড়িত সকলৰ নিৰাশাৰ মাজতো লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততাৰ কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ আগবেলাটো শুভ যদিও দুপৰীয়াৰ পৰা শৰীৰৰ অশান্তিৰ যোগ। মনৰো দুখ, অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ পৰিকল্পনাত ভুল হ’ব পাৰে। ক্ৰীড়া , সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ কিছু অশান্তিদায়ক হ’ব যদিও কৰ্মত শুভ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দুপৰীয়ালৈ শাৰীৰিক-মানসিক শুভ। পিচত মনৰ অশান্তি কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কৰ্মত কিছু কষ্ট বাঢ়িব। আৰ্থিক , বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভ যোগ।

তুলাঃ তুলা ৰাশিৰ বাবে আজিৰ আগবেলাটো শাৰীৰিক অশুভ ফলদায়ক যদিও দুপৰীয়াৰ পৰা শুভ কাৰক হ’ব। মনৰো দুচিন্তা হ্ৰাস পাব। প্ৰেম-পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব। শিল্পী, সাহিত্যিক, ক্ৰীড়াবিদ আৰু সংবাদকৰ্মীৰ অশান্তি আৰু পৰিশ্ৰম হ’লেও লাভৰ কাৰক।। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব পাৰে।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দুপৰীয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। মানসিক দিশত অশুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ আশা বিঘ্নিত হ’ব পাৰে। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ প্ৰেৰণা বৃদ্ধি পাব। ৰাজনৈতিক লোকৰো অশান্তি বৃদ্ধি হ’ব। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া লাভ হ’ব।

ধনুঃ ধনু ৰাশিৰ লোকৰ দিনটো শৰীৰিৰ বাবে শুভ কাৰক। দুপৰীয়াৰ পৰা মনৰ অসন্তুষ্টি হ’ব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থী মনৰ দুৰ্ভাৱনা বৃদ্ধি হ’লেও লাভাম্বিত হ’ব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ কাৰক। ৰাজনৈতিক লোকৰ উন্নতিৰ যোগ। আৰ্থিক, বাণিজ্যিক আৰু কৰ্মক্ষেত্ৰত কিছু লাভৰ যোগ।

মকৰঃ মকৰ ৰাশিৰ আজি দুপৰীয়াৰ পৰা শৰীৰৰ শুভ কাৰক হ’ব। মনৰ অশান্তি অলপ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত বাধা আহিব পাৰে। সাহিত্য, সংস্কৃতিৰ সৈতে যুক্তসকলৰ বাধাৰ মাজতো কিছু লাভৱান হ’ব। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি হ’ব। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিক দিশত বাধাৰ মাজতো লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি আগবেলাটো শাৰীৰিক অশান্তিৰ কাৰক যদিও দুপৰীয়াৰ পৰা শুভ কাৰক হ’ব। মনৰো হতাশা কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে। সাহিত্য , সংস্কৃতি , ক্ৰীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ৰোগৰিষ্ট হ’ব পাৰে। কৰ্মক্ষেত্ৰ, আৰ্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ।

মীনঃ মীন ৰাশিৰ আজিৰ দুপৰীয়াৰ পৰা শৰীৰৰ অশান্তি কাৰক হ’ব। মনৰ হতাশা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশতো অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰে যুক্ত লোকৰ চিন্তা আৰু অস্থিৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ আৰু সমাজকৰ্মীয়ে অশান্তি পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত সামান্য লাভৱান হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি