শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

এগৰাকী শিশুৰ বিৰল প্ৰতিভাঃ ১০৫ মিনিটত পঢ়িলে ৩৬ খন গ্ৰন্থ

211

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থ অধ্যয়নেৰে উজ্বললিল এগৰাকী কণমানি শিশু। বয়স মাত্ৰ ৫ বছৰ। সংযুক্ত আৰব এমিৰেটছ নিবাসী ভাৰতীয় বংশোদ্ভৱ কিয়াৰা কৌৰ নামৰ শিশুটিয়ে মাত্ৰ ১০৫ মিনিটত ৩৬ খন গ্ৰন্থ পঢ়ি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এনে বিৰল প্ৰতিভাধৰ শিশুটিয়ে ‘ৱৰ্ল্ড বুক অব্ ৰেকৰ্ডছ ইন লণ্ডন’ আৰু ‘এছিয়া বুক অব্ ৰেকৰ্ডছত’ নাম অনৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৱৰ্ল্ড বুক অব্ ৰেকৰ্ডছয়ে শিশুটিক ‘বিস্ময়কৰ শিশু’ আখ্যা দিছে। এছিয়া বুক অব্ ৰেকৰ্ডছে কয় যে, কৌৰে একেৰাহে সৰ্বাধিক গ্ৰন্থ অধ্যয়ণ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰথমে আবুধাবিৰ এখন নাৰ্ছাৰী বিদ্যালয়ৰ শিক্ষকসকলে শিশুটিৰ এই প্ৰতিভা প্ৰত্যক্ষ কৰিছিল।

জানিব পৰা মতে, আমেৰিকাত জন্ম গ্ৰহণ কৰা এই বিৰল প্ৰতিভাৰ অধিকাৰী শিশুটোৰ ককাক চেন্নাইৰ লেফটেনেন্ট কৰ্ণেল এম পি সিং। ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ লক্ষ্য থিৰাং কৰা শিশুটিৰ এই সাফল্যক লৈ পিতৃ-মাতৃ গৌৰৱান্বিত বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি