১৭ ডিচেম্বৰৰ পৰা ৩ টকাত ঘূৰিব পাৰিব মহানগৰী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নিচিনা এখন ব্যস্ত চহৰত আপুনি ট্ৰেফিকৰ নামত প্ৰতিদিনে কিমান সময় খৰচ কৰিবলগীয়া হয়? যদি আপোনাৰ এখন গাড়ী নাই, তেন্তে নিশ্চয় আপুনি বহুবাৰ আপোনাৰ ব'ছৰ পৰা পলমকৈ অফিচত উপস্থিত হোৱা বাবে গালি শুনিবলগীয়া হয়। অথবা কেতিয়াবা নিশ্চয় এনে পৰিস্থিতিৰো আপুনি সন্মুখীন হৈছে, যেতিয়া কেব ছাৰ্ভিছত বহু টকা খৰচ কৰি যাবলগীয়া হয়।

পিছে এতিয়া আপোনাৰ ধন আৰু সময় দুইটাই ৰাহি হ'ব। কাৰণ চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত গুৱাহাটীত শুভ উদ্বোধন হ'বলৈ গৈ আছে এটা নতুন কেব ছাৰ্ভিছ। ৰেপিড' নামৰ এই কেব ছাৰ্ভিচৰ জৰিয়তে আপুনি মাত্ৰ ৩ টকা প্ৰতি কিলোমিটাৰ খৰচ কৰিয়েই গোটেই গুৱাহাটী মহানগৰীত যাত্ৰা কৰিব পাৰে। উল্লেখ্য যে, হায়দৰাবাদ, বাংগালুৰু, মায়ছ'ৰ আদি চহৰত এই এপটোৰ ব্যৱহাৰ কৰি আহিছে গ্ৰাহকসকলে।

এই কেব চাৰ্ভিছত আপুনি বাইকত যাত্ৰা কৰিও আপোনাৰ গন্তব্যস্থানত উপনীত হ'ব পাৰে। ইয়ে আপোনাক নিশ্চয় বহু পৰিমানে মহানগৰীৰ ট্ৰেফিকৰ পৰা আপোনাক ৰেহাই দিব। ৰেপিড' (Rapido) নামৰ এই ৰাইডিং ছাৰ্ভিচ ইতিমধ্যে সমগ্ৰ দেশতে উপলব্ধ হৈ আছে। বাইক, টেক্সিৰে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বাহন যোগান ধৰি এক সুখদায় আৰু কম খৰচৰ যাত্ৰা উপহাৰ দি আহিছে এই ছাৰ্ভিচ প্ৰতিষ্ঠানটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in