পৰ্ণছবি চাবলৈ বাধ্য কৰাই ৬মাহ যৌন নিৰ্যাতন হোষ্টেলৰ মালিকৰ, দেশজুৰি চাঞ্চল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ভূপালৰ হোষ্টেলত সংঘটিত ধৰ্ষণকাণ্ডৰ চতুৰ্থ গৰাকী ভূক্তভোগী ছাত্ৰীয়ে মুখ খোলাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছে চাঞ্চল্যৰ। ছাত্ৰীগৰাকীয়ে কৰা অভিযোগ অনুযায়ী এটা কোঠাত আৱদ্ধ কৰি ৰাখি তেওঁক নীলা ছবি চাবলৈ বাধ্য কৰাইছিল ছাত্ৰী নিবাসটোৰ স্বত্বাধিকাৰী অশ্বিনী শৰ্মাই। এনেদৰে যোৱা ৬ মাহ ধৰি বলপূৰ্বক অশ্বিনীয়ে নিৰ্যাতন চলাই গৈছিল ছাত্ৰীগৰাকীক।

মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ ২৩ বৰ্ষীয় এই ছাত্ৰীগৰাকীয়ে ইন্দোৰ আৰক্ষী থানাত ভাষ্য প্ৰদান কৰি এই সকলোবোৰ কথা জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে হোষ্টেলটোৰ দুগৰাকী আবাসীয়ে পৃথক পৃথককৈ ভূপালৰ ক্ৰিষ্টেল আইডিয়েল চিটিৰ উক্ত হোষ্টেলটোত পৰিচালকে তেওঁলোকক অকথ্য যৌন নিৰ্যাতন চলাই অহা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযোগ পাইয়েই যোৱা বুধবাৰে ছাত্ৰীনিবাসটোৰ পৰিচালক তথা স্বত্বাধিকাৰী অশ্বিনীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

অশ্বিনীক গ্ৰেপ্তাৰ এদিন পিছত আৰু এগৰাকী ভূক্তভোগীয়ে আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছত দেওবাৰে পুনৰ চতুৰ্থগৰাকী ছাত্ৰীয়েও অশ্বিনীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। আৰক্ষীক দিয়া ভাষ্যত ভূক্তভোগী ছাত্ৰীগৰাকীয়ে কয়, 'মোক জোৰ কৰি এটা কোঠাত ভৰাই থৈছিল। তাতে মোবাইল আৰু লেপটপত নীলা ছবি চাবলৈ দিছিল। নাচালে অত্যাচাৰ কৰিছিল। এনেকৈয়ে যোৱা ৬ মাহ ধৰি মোক সি ধৰ্ষণ কৰিছিল। তাৰ কথা নুশুনিলেই প্ৰহাৰ কৰিছিল।'

চতুৰ্থগৰাকী ভূক্তভোগীৰ এই ভাষ্য লাভ কৰাৰ পিছতে নতুনকৈ তদন্ত আৰম্ভ কৰিছে ভূপাল আৰক্ষীয়ে। আৰক্ষীসূত্ৰই জনোৱা মতে, ধৃত অশ্বিনীৰ বিৰুদ্ধে ধৰ্ষণ, বলপূৰ্বক বন্দী কৰি ৰখা, দলিতৰ বিৰুদ্ধে অত্যাচাৰকে আদি কৰি একাধিক ধাৰাত গোচৰ ৰুজু হৈছে। ঘটনাটোৰ পিছতে প্ৰতি মাহে স্থানীয় আৰক্ষী-প্ৰশাসনক হোষ্টেলসমূহ পৰিদৰ্শনৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

ইফালে এই ঘটনাক লৈ আৰম্ভ হৈছে ৰাজনৈতিক যুদ্ধ। কংগ্ৰেছে অভিযুক্ত অশ্বিনী শৰ্মাক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অতি ঘনিষ্ঠ বুলি দাবী কৰাৰ লগতে চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰে। বিৰোধী দলটোৱে ঘটনাটোৰ চি বি আই তদন্ত বিচাৰি ৰাজ্যপাললৈকো পত্ৰ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in