‘ৰেপ ইন ইণ্ডিয়া’ মন্তব্যক লৈ ক্ষমা নোখোজে ৰাহুল গান্ধীয়ে…

‘ৰেপ ইন ইণ্ডিয়া’ মন্তব্যক লৈ ক্ষমা নোখোজে ৰাহুল গান্ধীয়ে…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই 'ৰেপ ইন ইণ্ডিয়া' বুলি কৰা মন্তব্যক ক্ষমা খোজাৰ দাবী জনাইছে বিজেপিয়ে। কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁ কোনো নকৰিবলগীয়া মন্তব্য কৰা নাই বুলি এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰে।

টুইটযোগে ৰাহুল গান্ধীয়ে কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীক 'ৰেপ কেপিটেল' বুলি কৰা মন্তব্যৰ ভিডিঅ' এটা মোৰ ওচৰত আছে। তেওঁ যদি দিল্লীৰ ব্যাখ্যা তেনেদৰে দিব পাৰে, তেন্তে মইতো কেৱল দেশৰ চৌদিশে হৈ থকা বলাৎকাৰ ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীৰ 'মেক ইন ইণ্ডিয়া' শ্ল'গানৰ ঠাইত এতিয়া 'ৰেপ ইন ইণ্ডিয়া' হৈ পৰা বুলিহে মন্তব্য কৰিছিলো। ইয়াৰ বাবে মই ক্ষমা খোজাৰ প্ৰয়োজন বোধ নকৰো।'

আনহাতে উত্তৰ-পূৰ্বাঞ্চলত জ্বলা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ জুই, দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, সংস্থাপনহীনতা আদি বিষয়বোৰৰ পৰা দেশবাসীক দৃষ্টি আতৰাবলৈকে ৰাহুল গান্ধীৰ মন্তব্যক বিজেপিয়ে ইছ্যু হিচাপে লোৱা বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, 'উত্তৰ পূৰ্বাঞ্চলত যি প্ৰতিবাদৰ জুই চৰকাৰে জ্বলাইছে, তাৰ বাবে মোডীয়ে ক্ষমা খোজা উচিত। দেশৰ অৰ্থনৈতিক ব্যৱস্থাক ধ্বংস কৰাৰ বাবেও মোডীয়ে ক্ষমা খোজা উচিত। কিন্তু সেইবোৰ নকৰি চৰকাৰে এতিয়া মোৰ মন্তব্যক ইছ্যু বনাই দেশবাসীৰ দৃষ্টি মূল বিষয়ৰ পৰা আতৰাব বিচাৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in