শেহতীয়া খবৰ
ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...  •  দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে, অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণেই নকৰিলে কেজৰিৱাল-চিছোদিয়াক...  •  পানেৰীৰ গুলীচালনাৰ ঘটনাক নিন্দা এবছু, নেমছুৰ, ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে আন্দোলনৰ হুংকাৰ  •  দণ্ডাধীশৰ পদ এৰি ৰে’লৰ চাকৰি লোৱা অসমৰ ২ বিষয়াৰ কাৰ্যালয়সহ ৪ ৰাজ্যৰ ১০ স্থানত চিবিআইৰ তালাচী

অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত ৰণবীৰ সিং অভিনীত ‘গলী বয়’…

285

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে আৰু অভিনেত্ৰী আলিয়া ভটে অভিনয় কৰা ছুপাৰহীট ছবি ‘গলী বয়’ৰ নাম অস্কাৰ বঁটাৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা হৈছে। ইণ্ডিয়ান ফিল্ম ফেডেৰেশ্যনে শনিবাৰে ঘোষণা কৰে এই কথা।

২০২০চনৰ ফেব্ৰুৱাৰীত হ’ব লগা অস্কাৰ বঁটা বিতৰণ অনুষ্ঠানত ‘গলী বয়’ ছবিখন বেষ্ট ইণ্টাৰনেশ্যনেল ফীচৰ কেটেগৰীত মনোনীত কৰা হৈছে। জয়া আখতাৰৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰিছিল।

এই ছবিখনত ৰণবীৰ সিং, আলিয়া ভটৰ উপৰিও বিজয় ৰাজ, কল্কি কোছিন, সিদ্ধাৰ্থ চতুৰ্বেদী, বিজয় শৰ্মা আৰু অমৃতা সুভাষেও বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত ভূমিকা প্ৰদান কৰিছিল। এফ এফ আইৰ ছেক্ৰেটাৰী জেনেৰেল সুপৰ্ণ সেনে এই সন্দৰ্ভত কয় যে, অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত হোৱাৰ দৌৰত আছিল ২৭খনকৈ ছবি। কিন্তু অৱশেষত ‘গলী বয়’ ছবিখনকে বাচনি কৰা হয়।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী, ২০১৯ত ভাৰতৰ ছবিগৃহসমূহত মুক্তি পোৱা এই ছবিখনে সংগ্ৰহ কৰে মুঠ ২৩৮ কোটি টকা। ছবিখনৰ কাহিনী, অভিনেতাসকলৰ অভিনয়ৰ লগতে এই ছবিখনৰ গীতসমূহো অতিকৈ হীট হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি