ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ৰণোজ পেগুৰ মনোনয়ন দাখিল…

ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ৰণোজ পেগুৰ মনোনয়ন দাখিল…

ডিজিটেল সংবাদ ,ধেমাজিঃ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে ১১৩ নং ধেমাজি বিধান সভাৰ সমষ্টিৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ত উপাযুক্ত ডাঃ জীৱন বি'ৰ ওচৰত দুপৰীয়া মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ধেমাজি ভৰালীচুকত বিজেপি তথা মিত্ৰজোঁটৰ কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে দলীয় নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি কৰা পিছতেই নিৰ্বাচনৰ নীতি – নিৰ্দ্দেশনা অনুসৰি কমসংখ্যক দলীয় কৰ্মী লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ প্ৰদানৰ পিছত সাংবাদিক সকলৰ আগত এইবাৰ নিৰ্বাচনত ধেমাজি বিধান সভাৰ সমষ্টিত পুনৰ নিৰংকুশ বিজয় সাব্যস্ত কৰিব বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাথীগৰাকীয়ে ৷

ইফালে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোনোৱালে দলৰ প্ৰাৰ্থীলৈ সমষ্টিটোত সোমবাৰে গুৱাহাটীৰ আহি প্ৰৱেশ কৰা লগে লগে কংগ্ৰেছ দলৰ কেইবাশতাধিক দলীয় কৰ্মীয়ে এক দীঘলীয়া ৰেলীৰে শৈলেন সোনোৱালক সমষ্টিটোৰ গোগামুখৰ পৰাই বাইক্- মটৰ চাইকেলেৰে ধেমাজি সদৰলৈকে আদৰি আনে ৷

পিছত ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দৰা ভৱনত আয়োজন কৰা আদৰণি সভাত বক্তব্যত তেওঁ পৰিৰ্ৱতনৰ স্বাৰ্থতেই এইবাৰ ধেমাজি বাসী ৰাইজে কংগ্ৰেছ দলৰ প্ৰতিনিধিকেই ৰাইজে আগ স্হান দিব বুলি আশা প্ৰকাশ কৰে ৷

প্ৰাৰ্থী সোনোৱালে উপস্থিত থকা সকলো দলীয় কৰ্মী আৰু ৰাইজক সেৱা জনাই সকলোৱে পৰা আৰ্শীবাদ বিচাৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত সমষ্টিটোৰ উন্নয়নত প্ৰাৰ্থী গৰাকীয়ে মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in