কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা…

কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা…

ডিজিটেল ডেস্কঃ লতা মংগেশকাৰৰ গান গাই বিখ্যাত হৈ পৰিছিল এগৰাকী মহিলা। তেওঁৰ নাম ৰাণু মণ্ডল। কিছু দিনৰ আগলৈকে দুবেল দুমুঁঠি আহাৰৰ বাবে হাহাকাৰ কৰা, খুজি মাগি পেট প্ৰৱৰ্তোৱা ৰাণু মণ্ডলৰ জীৱনেই যেন সলনি হৈ গৈছে তেওঁৰ গানৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত।

ৰাণু মণ্ডল এতিয়া দেশৰ ভিতৰতে চৰ্চিত এগৰাকী মহিলা। জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'ছুপাৰ ষ্টাৰ'ত দৰ্শকে দেখা পাব ৰাণু মণ্ডলক। এই শ্ব'ত অংশ লোৱা শিশু সকলৰ সৈতে সাক্ষাৎ কৰিব এইগৰাকী কিছুদিনৰ পূৰ্বলৈকে ফুটপাথত বাস কৰা মহিলাই।

ৰাণু মণ্ডলক সাক্ষাৎ কৰিছে বলিউডৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াই। এই সন্দৰ্ভত তেওঁ কয়- 'মই ৰাণুজীক লগ কৰিছো। তেওঁৰ কণ্ঠ ঈশ্বৰৰ কৃপা। তেওঁৰ কণ্ঠ ভগৱানৰ উপহাৰ। মই সিদ্ধান্ত লৈছো মোৰ পৰৱৰ্তী চিনেমাত তেওঁক গান গোৱাম। তেওঁৰ কণ্ঠ সমগ্ৰ বিশ্ববাসীক শুনাব বিচাৰো।'

ইতিমধ্যে ৰাণু মণ্ডলৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে হিমেছ ৰেছমীয়াই। হিমেছ ৰেছমীয়াৰ পৰৱৰ্তী ছবিখনৰ নাম 'হেপ্পী হাৰ্ডী এণ্ড হীৰ'। এই ছবিখনত 'মে তেৰী মেৰি কাহিনী' শীৰ্ষক গীত গাব ৰাণু মণ্ডলে।

উল্লেখযোগ্য যে, লতা মংগেশকাৰৰ এক 'এক প্যাৰ কা নগমা হে' গীতটো গাই ছ'চিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত আছিল ৰাণু মণ্ডল। পৰিয়ালৰ সৈতে সংযোগহীন হৈ পৰা ৰাণু মণ্ডলৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতেই তেওঁ লগ পালে কন্যাকো। এই ভিডিঅ'ৰ জৰিয়তেই সেয়া সম্ভৱ হ'ল। যোৱা ১০ বছৰ ধৰি কন্যাৰ সৈতে সম্পৰ্ক নাছিল ৰাণু মণ্ডলৰ। এটা দশকৰ পাছত ৰাণু মণ্ডলৰ কন্যাই বিচাৰি উলিয়ালে মাকক।

এই সন্দৰ্ভত ৰাণু মণ্ডলে কয়- 'এয়া মোৰ দ্বিতীয় জীৱন। ইয়াক মই আৰু সৰ্বাংগ সুন্দৰ কৰাৰ চেষ্টা কৰিম। ' ৰাণু মণ্ডলক সাক্ষাৎ কৰাৰ পাছতেই টুইটাৰতো এই কথা অনুগামীক জনাইছে হিমেশ ৰেছমীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in