‘চুপাৰষ্টাৰ চিংগাৰ’ত চুপাৰষ্টাৰ ৰাণু মণ্ডল, VIDEO

‘চুপাৰষ্টাৰ চিংগাৰ’ত চুপাৰষ্টাৰ ৰাণু মণ্ডল, VIDEO

ডিজিটেল ডেস্কঃ ৰাণু মণ্ডল। পশ্চিম বংগৰ ৰে'লৱে ষ্টেছনত গান গাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে পৰিচিত হৈ পৰা গায়িকাগৰাকী ৰাতিৰ ভিতৰতে এতিয়া চুপাৰষ্টাৰ হৈ পৰিছে। জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'চুপাৰষ্টাৰ চিংগাৰ'ৰ মঞ্চ পালেগৈ এইগৰাকী গায়িকা। ছনী টিভিৰ এই ৰিয়েলিটী শ্ব'ত ৰাণু মণ্ডল গৈ উপস্থিত হোৱাৰ সময়ত সেই সময়ত এই ৰিয়েলিটী শ্ব'ত অংশ লোৱা প্ৰতিজন প্ৰতিযোগী তথা উপস্থিত লোকে থিয় হৈ আদৰণি জনাইছিল গায়িকাগৰাকীক।

সন্মুখত আছিল আলকা য়াগনিক, হিমেশ ৰেশমীয়া আদি। সেই মঞ্চত থিয় হৈ ৰাণু মণ্ডলে কৈছিল তেওঁৰ সংগ্ৰামৰ কাহিনী। থাকিবলৈ তেওঁৰ ঘৰ নাছিল। গান গায়েই পেটৰ ভাত মোকলাব লগা হৈছিল। তেওঁৰ গান শুনি কিছুমানে বিস্কুট বা আন খাদ্যবস্ত দিছিল।

ৰাণু মণ্ডলে এই কথাবোৰ কৈ থাকোতে সকলো আবেগিক হৈ পৰিছিল। তাৰ পিছত ৰাণু মণ্ডলক গাবলৈ দিয়া হৈছিল গান। ৰাণু মণ্ডলে প্ৰাণ ঢালি গাইছিল গীত। ৰাণু মণ্ডলৰ গান শুনিয়েই হিমেশ ৰেশমীয়াই তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে এটা গান গাবলৈ অনুৰোধ কৰিছিল। ইতিমধ্যে ৰাণু মণ্ডলৰ সেই গীতৰ দৃশ্য ভাইৰেল হৈ পৰিছে।

সেই সময়ত উপস্থিত থকা দেশৰ বিশিষ্ট গায়ক-গায়িকাসকল ৰাণু মণ্ডলৰ কণ্ঠ শুনি অবাক হৈ পৰিছিল। ৰাণু মণ্ডলৰ গান শুনি আলকা য়াগনিক, জাবেদ আলী, হিমেশ ৰেশমীয়া আপোন পাহৰা হৈ পৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in