শেহতীয়া খবৰ
হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...

ছুপাৰহীট হ’ল ‘তেৰী মেৰি কাহিনী’, মাত্ৰ ৪দিনত ১ কোটিৰো অধিক দৰ্শক ইউটিউবত… চাওঁক VIDEO

1,071

ডিজিটেল ডেস্কঃ ৰাণু মণ্ডলৰ প্ৰথমটো গীত ‘তেৰী মেৰি কাহিনী’ ছুপাৰহীট হ’ল ইউটিউবত। ১১ ছেপ্টেম্বৰত ইউটিউবত মুক্তি পোৱা ৰাণু মণ্ডলৰ এই গীতটো বৰ্তমানলৈ ১ কোটিৰো অধিক লোকে চাইছে। হিমেশ ৰেছমীয়াৰ নতুন ছহি ‘হেপ্পী হাৰ্ডী এণ্ড হীৰ’ ছবিখনৰ এইটোৱে প্রথমটো গীত। ইয়াৰ পৰিও ৰাণু মণ্ডলে ছবিখনৰ আৰু দুটা গীত ক্ৰমে ‘আদত’ আৰু ‘আশ্বিকী মে তেৰী’ত কণ্ঠদান কৰিছে।

উল্লেখ্য যে, পশ্চিমবংগৰ ৰাণাঘাট ৰেল ষ্টেচনত গীত গোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই ৰাণু মণ্ডললৈ আহিছিল সৌভাগ্যৰ বতৰা। আৰু এনিশাৰ ভিতৰতে ৰাণু মণ্ডল হৈ পৰে ছ’চিয়েল মিডিয়াৰ ছুপাৰষ্টাৰ। তাৰপাছত গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াই ৰাণু মণ্ডলক দিয়ে কন্ঠদানৰ এক সুযোগ।

তদুপৰি, ৰাণু মণ্ডলৰ বাকী গীত দুটাৰো কিছু দৃশ্যাংশৰ ভিডিঅ’ টুইটাৰত আপলোড কৰিছিল হিমেশ ৰেছমীয়াই। সেই গীত দুটিও সম্পূৰ্ণকৈ বৰ্তমানলৈ মুক্তি পোৱা নাই যদিও, তাৰ দৃশ্যাংশ চাই খুবেই ভাল পাইছে দৰ্শকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি